আজি বিশ্ব খনিকৰ বিশ্বকর্মা পূজা৷ ৰাজ্যৰ প্রান্তে প্রান্তে ক’ভিড বিধি মানি বিশ্বকর্মা পূজা আয়োজন কৰা হৈছে৷ বিগত দুটা বছৰ ধৰি ক’ভিড সংক্রমণৰ বাবে উৎসৱ পার্বণ অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছিল৷বর্তমান ক’ভিডৰ সংক্রমণ যথেষ্ট হ্রাস পোৱাৰ লগতে ৰাজ্যৰ অধিকাংশ লোকে ক’ভিড ভেকচিন লাভ কৰাৰ বাবে সীমিত পৰিসৰৰ মাজত বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে৷ সৰু–বৰ বিভিন্ন আকৃতিৰ মৃণ্ময় মূর্তি ক্রয় কৰাৰ বাবে গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে পূজাত ব্যৱহূত বিভিন্ন সামগ্রীও বজাৰত উপলব্ধ হৈছে৷ ফুল–তুলসী, মাটিৰ চাকি, কলপুলি আদিও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷উল্লেখ্য যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি সুকীয়া নীতি–নির্দেশনা জাৰি কৰা হোৱা নাই যদিও দুর্গাপূজা আয়োজনৰ বাবে এছ অ’ পি প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী