আজি বিশ্ব খনিকৰ বিশ্বকর্মা পূজা৷ ৰাজ্যৰ প্রান্তে প্রান্তে ক’ভিড বিধি মানি বিশ্বকর্মা পূজা আয়োজন কৰা হৈছে৷ বিগত দুটা বছৰ ধৰি ক’ভিড সংক্রমণৰ বাবে উৎসৱ পার্বণ অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছিল৷বর্তমান ক’ভিডৰ সংক্রমণ যথেষ্ট হ্রাস পোৱাৰ লগতে ৰাজ্যৰ অধিকাংশ লোকে ক’ভিড ভেকচিন লাভ কৰাৰ বাবে সীমিত পৰিসৰৰ মাজত বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে৷ সৰু–বৰ বিভিন্ন আকৃতিৰ মৃণ্ময় মূর্তি ক্রয় কৰাৰ বাবে গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে পূজাত ব্যৱহূত বিভিন্ন সামগ্রীও বজাৰত উপলব্ধ হৈছে৷ ফুল–তুলসী, মাটিৰ চাকি, কলপুলি আদিও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷উল্লেখ্য যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি সুকীয়া নীতি–নির্দেশনা জাৰি কৰা হোৱা নাই যদিও দুর্গাপূজা আয়োজনৰ বাবে এছ অ’ পি প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন