আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত “আমাৰ গাঁও আমাৰ গৌৰৱ” আঁচনিৰ শুভ উদ্বোধন

0 239

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত বৃহস্পতিবাৰে “আমাৰ গাঁও আমাৰ গৌৰৱ” আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰধান বিজ্ঞানী ড০ দিনেশ হাজৰিকাই উদেশ্যে ব্যখ্যা কৰি সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত তথা কৃষকৰ আয় দুগুন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰবৰ্তন কৰা “আমাৰ গাঁও আমাৰ গৌৰৱ” আঁচনিৰ যোগেদি কৃষি গৱেষণা চিলঙনীৰ বিজ্ঞানী সকলক ৫ টা গোটত ভাগ কৰি ২০ খন গাঁও প্ৰাৰম্ভিক ভাবে আঁচনি খনৰ ৰূপায়নৰ দিহা কৰা হৈছে। আমন্ত্রিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই “কৃষকৰ বাৰ্ষিক আয় বঢ়োৱাৰ লগতে আমাৰ প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ অকনো ক্ষতি নোহোৱাকৈ অগতানুগতিক ভিত্তিত সমন্বিত কৃষি ব্যৱস্থা অৱলম্বনৰ বিষয়ে বিশ্লেষণ কৰে। নগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নডেল বিষয়া ড০ অৰিন্দম গাৰ্গ, নগাঁও জিলা মীন উন্নয়ন বিষয়া ড০ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত নগাঁও-মৰিগাঁও জিলাৰ অন্তৰ্গত গাঁও সমূহৰ গাঁওবুঢ়া সকল আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.