ঢেকীয়াখোৱা বৰ নামঘৰত ক`ভিড প্ৰট’কল মানি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

0 266

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি।যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপূৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি। ক`ভিডৰ আতংকৰ মাজতে পূৰ্বৰ দৰে উলহ মালহেৰে উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰে বান্ধি দিয়া ক`ভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নামপ্ৰসংগ,দিহানামেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ কৰিছে,ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও নিজ নিজ মনকামনা পূৰণৰ অৰ্থে এগছি বন্তি,শৰাই,নবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.