মৎস্য সম্পদ আঁ‌চনিৰ অধীনত ২০০০ পুখুৰীৰে অসমক মাছ উৎপাদনত আত্মনিৰ্ভৰ কৰাৰ নিৰ্দেশ মন্ত্ৰী শুক্লবৈদ্যৰ’

0 185

মীন উৎপাদনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণৰূপে এখন আত্মনিৰ্ভৰ ৰাজ্যত পৰিগণিত কৰাৰ বাবে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ২০০০ পুখুৰী নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে।মন্ত্ৰী শুক্লবৈদ্যই বৃহস্পতিবাৰে বিভাগীয় কক্ষত মীন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আঁ‌চনিসমূহৰ স্থিতি পৰ্যালোচনা কৰি কয় যে ৰাজ্যখনক মীন উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰিবলৈ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ আঁ‌চনিৰ দ্বাৰা এক হেক্টৰ মাপৰ ২০০০ পুখুৰী খননৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিব।
মন্ত্ৰীয়ে যুটীয়া সচিব তথা সঞ্চালক, মীন বিভাগ এম কে সচিবক জিলা উপায়ুক্ত আৰু জিলা মীন উন্নয়ন বিষয়াসকলৰ সৈতে আলোচনা কৰি এই ২০০০ হেক্টৰ ভূমি চিনাক্ত কৰি দুমাহৰ ভিতৰত এই সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদে জিলাসমূহত নতুন পুখুৰী নিৰ্মাণৰ কাৰণে ভূমি জৰীপ কৰিবলৈও দেবনাথক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত যুটীয়া সচিবে মন্ত্ৰীক অৱগত কৰে যে পুখুৰী নিৰ্মাণৰ কাৰণে উপলব্ধ ভূমি চিনাক্ত কৰিবৰ বাবে ইতিমধ্যে বিভিন্ন জিলাত প্ৰাথমিক জৰীপ সম্পন্ন কৰা হৈছে।
মন্ত্ৰীয়ে লগতে অনুমোদিত পদসমূহ পূৰণ কৰা আৰু চতুৰ্থ বৰ্গৰ পদসমূহ অতি সোনকালে নিয়মীয়া কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত শুক্লবৈদ্যই যাৱতীয় অনুমোদনৰ বাবে বিত্ত মন্ত্ৰীক তালিকাখন দাখিল কৰিবলৈ কয়।ইয়াৰ উপৰিও মন্ত্ৰীয়ে অসম মীন পালন নিয়মত সংশোধন আনিবলৈ বিষয়াসকলক তৎকালীন পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
অতিৰিক্ত যুটীয়া সচিব, প্ৰসাদ আৰু যুটীয়া সচিব তথা মীন বিভাগৰ সঞ্চালক, দেবনাথৰ উপৰিও সচিব ৰিজু গগৈ, যুটীয়া সচিব এছ হুছেইন, উপ সচিব মনিন্দ্ৰ দত্ত আৰু মন্ত্ৰীৰ সৈতে সংযুক্ত প্ৰতুল ডেকা এই সভাত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.