সোনাই নেপালীত জীয়াভৰলী সাহিত্য গোষ্ঠীৰ উদ্যোগত বলিদান দিৱস পালন

0 244

শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ লোক্ৰাৰ গোৰ্খা জনগোষ্ঠীয় ৰাইজৰ বসতিস্থল সোণাই নেপালীত জীয়াভৰলী সাহিত্য গোষ্ঠীৰ উদ্যোগত পালন কৰা হয় গোৰ্খা জনজাতিৰ শ্বহীদ মেজৰ দুৰ্গামল্লৰ মৃত্যু তিথি ( বলিদান দিৱস ) । সোণাই নেপালীৰ লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাংগণত জীয়াভৰলী সাহিত্য গোষ্ঠীৰ সভাপতি তথা শিক্ষক তাৰা পৌড়েলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সমিতিৰ যুটীয়া সম্পাদক, শিক্ষক সৰৱৰাহী যুৱক ভীষ্ম অধিকাৰীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, শিক্ষক ছত্ৰমান চুব্বাই নিজৰ ভাষণ প্ৰসংগত গোৰ্খা জনগোষ্ঠীৰ জাতীয় শ্বহীদ মেজৰ দুৰ্গামল্লৰ অৰিহণা, জাতীয় স্বাভিমান কৰ্মৰ যোগেদি অটুট ৰখা, শিশুৰ সুপ্ত প্ৰতিভাত বিকাশ সাধন কৰা, শিশুক উপযুক্ত মঞ্চ প্ৰদান কৰা, শিশুৰ মাজত সাহিত্য কৰ্মৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা, জনগোষ্ঠীয় সমন্বয় স্থাপন কৰা ইত্যাদি বিভিন্ন প্ৰসংগ উল্লেখ কৰে । একেদৰে, সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীননাথ নিৰলা, আগছুৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল ছেত্ৰীয়ে ভাষণত কয় যে গোৰ্খাসকল বীৰ জাতি । গোৰ্খাসকলে শৌৰ্য-বীৰ্যৰ পৰিচয় দি দেশ সেৱাৰ লগতে সাহিত্য, ভাষা, সংস্কৃতিৰ বিকাশৰ বাবে ঘৰৰপৰাই কছৰৎ আৰম্ভ কৰিব লাগিব । গোৰ্খাসকলে সমাজত সকলো জাতি-জনগোষ্ঠীয়ৰ সৈতে তাহানিৰেপৰা সমিলমিলেৰে বসবাস কৰি আহিছে আৰু এই সাতামপুৰুষীয়া সমন্বয়ক কোনো অপশক্তিয়ে যাতে বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে সদা সতৰ্ক থকা উচিত । ” অনুষ্ঠান আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক , অসম নেপালী সাহিত্য সভাৰ আজীৱন সদস্য, যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰাই ভাষণ প্ৰসংগত কয় গোৰ্খাসকল অধিক বিকাশৰ বাবে যথেষ্ট কৰণীয় আছে । বিশেষকৈ সাহিত্য ক্ষেত্ৰলৈ যুৱ চামৰ প্ৰতিভাসকলক উপযুক্ত মঞ্চ প্ৰদান কৰাতো সময়ৰ আহ্বান হৈ পৰা পৰিলক্ষিত হৈছে । সোণাই-নেপালী অঞ্চলত যথেষ্ট সম্ভাৱনাপূৰ্ণ প্ৰতিভা আছে , তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজৰ সকলো পক্ষৰ লগতে দল-সংগঠনসমূহৰো কৰণীয় আছে । ” জীয়াভৰলী সাহিত্য গোষ্ঠীৰ সাংস্কৃতিক সম্পাদক নবীন উপাধ্যায়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণীতে অনুষ্ঠানস্থলীত পতাকা উত্তোলন, শ্বহীদ দুৰ্গামল্লদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচীও অনুষ্ঠিত হয় । একেদৰে মূল সভাখনতেই যোৱা ১৫ আগষ্টৰ দিনা অনলাইনযোগে অনুষ্ঠিত কবিতা পাঠ আৰু বক্তৃতা অনুষ্ঠানৰ বঁটা প্ৰাপকসকলক একোখনকৈ মানপত্ৰ, ট্ৰফীৰে পুৰষ্কৃত কৰা হয় । অনুষ্ঠানত কেইবাগৰাকীও শিশু, কিশোৰে সমবেত সংগীত সংগীত, একক সংগীত, নৃত্য , কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে ।
অনুষ্ঠানটোত লোক্ৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী দেৱীবালা ৰাই, শিক্ষক দুলেন কোচ, সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সাৱিত্ৰীৱালা দেৱী ঢাকাল , জীয়াভৰলী সাহিত্য গোষ্ঠীৰ কাৰ্যকৰী সভাপতি তুলসী উপাধ্যায়, উপ-সভাপতি পদ্মলাল শৰ্মা, যুটীয়া সম্পাদক ৰাজেন দাহাল, সহকাৰী সম্পাদক টংক চুব্বা, প্ৰেম উপাধ্যায়, ভোলা উপাধ্যায়, সাংস্কৃতিক সম্পাদক সুৰজ ছেত্ৰী, প্ৰচাৰ সম্পাদক ঘনশ্যাম চুবেদীৰ লগতে ক্ৰমে সোণাই নেপালী , সোণাই পাম, সোণাই মিৰি ইত্যাদি অঞ্চলৰ ৰাইজ, আই-মাতৃ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.