আধ্যাত্মিক গুৰু কৃষ্ণগুৰু সেৱা আশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী

0 297

ৰাজত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাৰ মাজতে শনিবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শনিবাৰে আধ্যাত্মিক গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৰ ৮৬সংখ্যক আৱিৰ্ভাৱ তিথি আছিল। গুৰুজনাৰ একান্ত ভক্ত হোৱা হেতুকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কৃষ্ণগুৰু সেৱাশ্ৰমত গৈ উপস্থিত হয়। কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত কৃষ্ণগুৰু নাম জপ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
 
 
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে দুপৰীয়া দুই বাজি ৫১বজাত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়। তাত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত বহি নাম-জপ কৰে। তাৰ পিছত গুৰুজনাৰ সমাধিস্থলীত উপস্থিত হৈ অন্তঃকৰনেৰে সৈতে আধ্যাত্মিক গুৰুজনাক সোঁৱৰণ কৰাৰ পিছত তেখেতে গুৰুগৃহত প্ৰৱেশ কৰে। গুৰুগৃহত প্ৰৱেশ কৰাৰ পিছত গুৰুগৃহৰ ভিতৰতে অন্ন গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰায় দুই ঘন্টা সময় অতিবাহিত কৰে।
 
 
 
উল্লেখযোগ্য যে দেশ তথা ৰাজ্যত ক’ৰণাৰ বাপক প্ৰভাৱৰ বাবে লকডাউন চলি আছে। সেয়েহে এইবাৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি শনিবাৰে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত থকা মাত্ৰ কেইজনমান ভকতৰ উপস্থিতিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে।

Leave A Reply

Your email address will not be published.