আনুষ্ঠানিক ভাৱে মুকলি হ’ল গুৱাহাটী- উত্তৰগুৱাহাটী সংযোগী ৰ’পৱে সেৱা

0 240

অসম পৰ্যটনৰ ক্ষেত্ৰত ন মাত্ৰা প্ৰদান কৰিছে গুৱাহাটীৰ উত্তৰ গুৱাহাটীৰ ৰ’পৱে সেৱা।এই ৰ’পৱে সেৱা আজি আনুষ্ঠানিক ভাৱে মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য, আৰু কুইন ওজা।
 
 
 
 
 
 
উল্লেখযোগ্য যে মাত্ৰ ৭ মিনিটত এজন যাত্ৰীয়ে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এই ৰ’পৱে সেৱাৰ জৰিয়তে অহা যোৱা কৰিব পাৰিব। অহা যোৱা বাবদ যাত্ৰীসকলৰ ব্যয় হ’ব ১০০ টকা । যাত্ৰী সকলৰ সুৰক্ষা দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰ’পৱেত চি চি টি ভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।
 
 
এই ৰ’পৱে সেৱা ৫৬ কোটি টকা ব্যয় সাপেক্ষে  সাজি উলিয়াইছে । ৰ’পৱে সেৱাৰ কেবিনৰ যোগান ধৰিছে ছুইজালেণ্ড এটা কোম্পানীয়ে।

Leave A Reply

Your email address will not be published.