আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ

0 46

মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতা ২০২৫–২৬ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাফিয়া ইয়াছমিন শইকীয়াই সোণৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডঃ কমল ইনডৰ ষ্টেডিয়াম, কঞ্চিপুৰত ৬ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ ২৮খন বিশ্ববিদ্যালয়ৰ প্ৰায় ২৫০গৰাকী খেলুৱৈয়ে ভাগ লৈছিল । মণিপুৰৰ পৰম্পৰাগত যুদ্ধকলা থাং-টাৰ প্ৰদৰ্শন হয়,য’ত ১০টা বিভিন্ন ওজন শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত তৰোৱাল আৰু বৰছা ব্যৱহাৰৰ কৌশল প্ৰদৰ্শন কৰা হৈছিল ।৭ এপ্ৰিলত অনুষ্ঠিত মহিলা শাখাৰ ফুনাবা আনিচুবা ( ৬৮ কেজি) শ্ৰেণীত ৰাফিয়াই এপেক্স ইউনিভাৰ্চিটিৰ মিনাজ নাকভীক পৰাজিত কৰি সোণৰ পদক দখল কৰে। আনহাতে এই সাফল্যৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক ডঃ উৎপল শৰ্মা আৰু ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ৰাফিয়াই অসমৰ লগতে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.