নাৰী দিৱসত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ আমন্ত্ৰিত হৈছে অংকিতা দত্ত

0 331

আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰোতাৰ মাজত স্থান নিশ্চিতকৰণ ” শীৰ্ষক এক প্ৰকল্পৰ বাবে আমেৰিকাৰ যুক্তৰাষ্ট্ৰলৈ আমন্ত্ৰিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্ত কন্যা অংকিতা দত্ত ৷
 
 
 
প্ৰকল্পটোৰ অধীনত অহা ২ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চি , নিউয়ৰ্ক,কলুম্বিয়া , বষ্টন আদি বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া কাৰ্য্যসুচীত অংকিতা দত্তই অংশ গ্ৰহণ কৰিব । ইয়াৰ বাবে প্ৰয়োজনীয় সকলো খৰচ বহন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰে ৷ এই ভ্ৰমণ কালত যুৱ নেত্ৰী গৰাকীয়ে অহা ৫ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ নিউয়ৰ্কত প্ৰকল্পটোৰ অন্যতম কাৰ্য্যসুচী হিচাপে পালন কৰিবলগীয়া ” আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰিব ৷ মহিলা সবলীকৰণৰ সৈতে সম্পৰ্কিত এই প্ৰকল্পত অংশ গ্ৰহণৰ বাবে দেশৰ মাত্ৰ ৫ গৰাকী মহিলা নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে অংকিতা দত্ত ৷
 
 
 
এই প্ৰকল্পত অংকিতা দত্ত অসমৰ একমাত্ৰ প্ৰতিনিধি ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থা আৰু স্থানীয় ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত মহিলা নেত্ৰী অংশগ্ৰহণ সম্পৰ্কে অধ্যয়ন , উঠি অহা প্ৰজন্মৰ মহিলাক নিৰ্বাচনী ৰাজনীতিত অংশ গ্ৰহণকে ধৰি সামাজিক কাম কাজত জড়িত হবলৈ অনুপ্ৰাণিত কৰিব পৰা কাৰ্য্যসুচীৰ সন্ধান , কৰ্মক্ষেত্ৰ আৰু নাগৰিক জীৱন উভয়তে মহিলাৰ বাবে সমান দৰমহা আৰু ভাল ব্যৱহাৰ নিশ্চিত কৰিব পৰা আইন আৰু কাৰ্য্যসুচী ওপৰত গুৰুত্ব আৰোপ , স্বাস্থ্যৰ যতন নিয়োগ শিক্ষা আৰু শিশুৰ যতনকে ধৰি সামাজিকত পৰিবেশত মহিলাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহৰ সৈতে সম্পৰ্কিত আইন আৰু উদ্যোগসমূহৰ বিষয়ে অৱগতকৰণ , মহিলাৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আদি বিভিন্ন দিশ এই প্ৰকল্পই সামৰি ল’ব ৷
 

Leave A Reply

Your email address will not be published.