দিল্লীৰ এছ চি ই আৰ টি বৰ্ডৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ল উদ্ভাৱক উদ্ধৱ ভৰালীৰ জীৱন সংগ্ৰামৰ সবিশেষ

0 802

উদ্ভাৱনৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালীলৈ দিল্লীৰ এছ চি ই আৰ টি বৰ্ডে বিশেষ সন্মান প্ৰদৰ্শন কৰিছে।এছ চি ই আৰ টি বৰ্ডৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত উদ্ধৱ ভৰালীৰ জীৱন সংগ্ৰামৰ  সম্পৰ্কে আলোকপাত কৰি পাঠ্যক্ৰম যুগুত কৰিছে।
 
 
জানিব পৰা মতে দিল্লীৰ প্ৰায় ৭লাখ শিক্ষাৰ্থীয়ে উদ্ভাৱক উদ্ধৱ ভৰালীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ বিষয়ে পঢ়িবলৈ পাব।পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা লেখাটো যুগুত কৰি উলিয়াইছে প্ৰখ্যাত লেখিকা শিলা ভাটিয়াই।দৃঢ় মানসিকতা, আত্মবিশ্বাসে কিদৰে সফলতাৰৰ ভেটি সুচল কৰি তোলে।সেই বিষয়ে লেখাটোত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে।উল্লেখযোগ্য যে বৰ্তমানলৈকে উদ্ধৱ ভৰালীয়ে প্ৰায় ১৫৯ বিধ সামগ্ৰী উদ্ভাৱন কৰিছে।

Leave A Reply

Your email address will not be published.