আন্ত:জিলা যাতায়াত বন্ধ: বাহনৰ বাবে ই-পাছৰ ব্যৱস্থা বঙাইগাঁও জিলা প্ৰশাসনৰ

0 233

ক’ভিড-১৯ ৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে আন্ত:জিলা পৰিবহন। কিন্তু পৰিবহন ব্যৱস্থা বন্ধ থাকিলেও বিশেষ কাৰণত কিছুমান মানুহৰ বাবে আন জিলালৈ যাবলগীয়া জৰুৰী কাম থাকিব পাৰে।বিশেষ কিছুমান কাৰণত এখন জিলাৰ পৰা আন জিলালৈ যোৱাটো জৰুৰী হ’ব পাৰে।তেনে সময়তে বঙাইগাঁও জিলাৰ প্ৰশাসনে দেখুৱাইছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখযোগ্য যে বঙাইগাঁও জিলা প্ৰশাসনে নাগৰিকক ই-পাছ দিয়াৰ ব্যৱস্থা কৰিছে ৷যদি কোনোবা ব্যক্তি জৰুৰী কামৰ বাবে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যাবলগীয়া হয় ,তেতিয়াহলে ই- পাছৰ বাবে এই লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ Application form URL: https://serviceonline.gov.in/directApply.do?serviceld=2023 আৰু আনটো হ’ল-Application tracking/ePass download URL: https//serviceonline.gov.in.ইয়াৰ উপৰি ‘ই-পাছ’ ৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ ৱেবচাইট https://bongaigaon.gov.in/ৰ জৰিয়তে লিংক বিচাৰি চাব পাৰিব।

Leave A Reply

Your email address will not be published.