আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ বাবে নিমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া চিকিৎসক

0 212

অক্সফর্ড বিশ্ববিদ্যালয়ত এখন আলোচনাত অংশগ্ৰহণ বাবে নিমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া চিকিৎসক। চিকিৎসক গৰাকী নাম ডাঃ সুৰজিৎ গিৰিৰ।জানিব পৰা অহা ২৫ আগষ্টৰ
পৰা ২৭ আগষ্টলৈ অনলাইন যোগে অনুষ্ঠিত হ’ব লগীয়া আলোচনাচক্ৰ খনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে।
শিৱসাগৰৰ এইগৰাকী চিকিৎসকে দীৰ্ঘদিন ধৰি সৰ্প দংশন বিষয়ত সেৱা আগবঢ়াই আহিছিল ।উল্লেখযোগ্য যে ডাঃ গিৰিয়ে এতিয়ালৈকে বিষাক্ত সর্পই দংশন কৰা প্ৰায় পাঁচশৰো অধিক লোকক আৰোগ্য কৰি তুলিছে।
এই সম্পৰ্কে গিৰিয়ে জনায় যে এই আলোচনাচক্ৰ খনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সৰ্পবীদ সকলে অংশগ্ৰহণ কৰিব। ইয়ে বিভিন্ন গাঁৱলীয়া চিকিৎসালয় ত চিকিৎসা প্ৰদান কৰি অহা স্বাস্থ্য কৰ্মীক সকাহ যোগাব বুলি তেখেতে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.