আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান লাভ কৰিলে অসমৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে

0 246

পৰিবেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষা বাবে অহৰহ কাম কৰি অহা প্ৰকৃতিপ্ৰমী বিনোদ দুলু বৰাক আর্থ ডে নেটৱৰ্কে আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ সন্মানেৰে সন্মানীত কৰিছে।
 
 
 
 
আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰকৃতি সুৰক্ষা সংগঠন আৰ্থ ডে নেটৱৰ্কয়ে এই সন্মান আগবঢাইছে।সংগঠনটোৱে বৰাক এখন মানপত্ৰ আৰু ষ্টাৰ বেজেৰে সন্মানিত কৰা বিষয়ে ফেচবুক পেজৰ জৰিয়তে সদৰি কৰিছে।উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে বিনোদ দুলু বৰাই বিশ্বৰ আগশাৰীৰ প্ৰকৃতিবিদৰ সৈতে একেলগে কাম কৰাৰ সুবিধা পাব।
 
 
 
 
নগাঁও চেপানলাৰ বিনোদ দুলু বৰাই হাতীবন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে সমাজ সেৱামূলক কাম কৰি আহিছে। সমাজ কৰ্মী প্ৰদীপ ভূঞা সহযোগত ৰংহাং হাতীখুলিত হাতী বাবে কলগছ আৰু কঠাল গছ ৰোপন কৰিছে। ইয়াৰ উপৰিও বছৰ বছৰ ধৰি বিভিন্ন প্ৰজাতি সাপ,চৰাই,জীৱ জন্তু উদ্ধাৰ কৰি আহিছে। লগতে ৩৫ জন চোৰাং চিকাৰীক মূলসুঁতিলৈ উভতাই আনিছে।
 
 
 
যাৰ বাবে তেখেতে ২০১২ চনত চেঞ্চুৰী ইণ্ডিয়া টাইগাৰ ডিফেণ্ডাৰ সন্মান, ২০১৩ চনত ৰটাৰী ইয়ং এচিভাৰ সন্মান, ২০১৪ বৰ্ষত চেঞ্জুৰী নেচাৰ ফাউণ্ডেচনৰ বন্যপ্ৰাণী সেৱক বঁটা, লগতে মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.