আপকুৰ সাংবাদিকতা বঁটা

0 266

গুণগত, সত্য আৰু মৰ্য্যাদাপূৰ্ণ সাংবাদিকতাৰ স্বাৰ্থত ৰাজ্যখনৰ সাংবাদিকসকলৰ অন্যতম শক্তিশালী ট্ৰেড ইউনিয়ন আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৱে নিজাববীয়াকৈ ৰাজ্যখনৰ পুৰুধা ব্যক্তিসকলৰ স্মৃতি ধৰি ৰখাৰ উদ্দেশ্যে পৰিয়ালৰ সহযোগত বঁটা প্ৰৱৰ্তন কৰি প্ৰদানৰ ব্যৱস্থা কৰিছে। আপকুৰ কেন্দ্ৰীয় অধিবেশন, প্ৰতিষ্ঠা দিৱস, প্ৰেছ দিৱস, জিলা আৰু মহকুমা পৰ্য্যায়ৰ বিভিন্ন অনুষ্ঠানত আপকুৱে সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰি প্ৰদান কৰি আহিছে। আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী অনুষ্ঠানতো আপকুৱে সাংবাদিকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে বহুকেইটা সাংবাদিকতা বঁটা প্ৰদান কৰিছে।

আপকুৰ একাদশ কেন্দ্ৰীয় অধিৱেশন আৰু বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতো আপকুৱে বহুকেইটা সাংবাদিকতা বঁটা প্ৰদান কৰিব। ইতিমধ্যে জুৰি বোৰ্ডে সাংবাদিকসকলক বাছনি কৰিছে। আপকুৱে আহ্বান কৰা অনুসন্ধানমূলক বাতৰিৰ ভিত্তিত সাংবাদিকসকলক বঁটাৰ বাবে বাছনি কৰিছে জুৰি বোৰ্ডে। আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, কাৰ্য্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান হেমন্ত শইকীয়াই এই কথা সংবাদমাধ্যমৰ আগত সদৰী কৰিছে। এইবাৰ ৰাজ্যখনৰ দহগৰাকী সাংবাদিকে আপকুৰ বঁটা লাভ কৰিব।

নিউজ লাইভৰ সাংবাদিক নিপ কুমাৰ বৰুৱালৈ আগবঢ়োৱা হৈছে বুধিন্দ্ৰনাথ হাজৰিকা সোৱঁৰণী সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া বঁটা। অসমীয়া প্ৰতিদিন কাকতৰ নামৰূপৰ সাংবাদিক স্মৃতি ৰেখা কলিতালৈ আগবঢ়োৱা হৈছে পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা। নিউজ লাইভৰ জালুকবাৰীৰ সাংবাদিক ৰতন কলিতা আৰু অসমীয়া প্ৰতিদিন কাকতৰ ফিল’বাৰীৰ সাংবাদিক পুষ্পধৰ মৰাণলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে উচ্চ কমল চেতিয়া সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা। নিয়মীয়া বাৰ্তা কাকতৰ দুলীয়াজানৰ সাংবাদিক কৃষ্ঞা গগৈ আৰু প্ৰতিবিম্ব কাকতৰ ছিপাঝাৰৰ সাংবাদিক হিতেশ নাথলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে মতিন্দ্ৰ চৌধুৰী সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা।

অসমীয়া খবৰ কাকতৰ চৰাইদেউৰ সাংবাদিক গৌতম গগৈ আৰু অসমীয়া প্ৰতিদিন কাকতৰ চাপৰমুখ, নগাঁওৰ সাংবাদিক দীপক কুমাৰ শৰ্মালৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে মণ্টুমোহন দাস সোঁৱৰণী সদৌ অসম যুৱ সাংবাদিকতা বঁটা। এই বঁটাসমূহ পৃৰ্বৰেপৰা আগবঢ়াই অহা হৈছে। আপকুৰদ্বাৰা পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত সংস্কৃত পণ্ডিত তথা ছহীদ সাংবাদিক ৰত্নেশ্বৰ শৰ্মা শাস্ত্ৰী সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা আগবঢ়োৱাস হৈছে বৰপেটা জিলাৰ হাউলিৰ দৈনন্দিন বাৰ্তাৰ সাংবাদিক ৰত্নেশ্বৰ তালুকদাৰ আৰু বঙাইগাঁওৰ সাংবাদিক প্ৰণৱ কুমাৰ ডেকালৈ। অহা ২৮, ২৯, আৰু ৩০ এপ্ৰিলত বঙাইগাঁওত অনুষ্ঠিত হ’ব লগা আপকুৰ একাদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাত বঁটাসমূহ প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.