কামৰূপ জিলা সদৰ আমিনগাঁও মহাবাহু বৰলুইতৰ পাৰত অৱস্থিত সংকট মৌচন সেৱাশ্ৰমত বহাগ বিহুৰ লগত সংগতি ৰাখি ৰক্ত দান শিবিৰ অনুষ্ঠিত হৈ যায় । সংকট মৌচন সেৱাশ্ৰমৰ উদ্যোগত আৰু আশ্ৰম প্ৰধান দীপক পণ্ডিতৰ নেতৃত্বত আৰু আমিনগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰক্ত দান শিবিৰত ২০ গৰাকীৰো অধিক লোকে ৰক্ত দান কৰে । ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ পূৰ্বেই দীপক পণ্ডিতৰ মঙ্গল ধ্বনি আৰু মন্ত্ৰোচ্চাৰনেৰে ভগৱানৰ শ্ৰীচৰনত পুষ্পাঞ্জলি অৰ্পন কৰি উপস্থিত সকলোৱে আশীষ লয় আৰম্ভ কৰে কাৰ্য্যসূচীৰ । চন্দনজ্যোতি দাস (ৰিংকু) আৰু নিতোপম মেধিয়ে আতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ কৰ্মী শঙ্কৰ কুমাৰ দাসে আৰু ফিটা কাটি ৰক্তদান শিবিৰ মুকলি কৰে বিশিষ্ট সমাজ কৰ্মী কেশৱ কলিতাই । ইফালে সংকট মৌচন সেৱাশ্ৰম প্ৰধান দীপক পণ্ডিতে সভাপতিত্ব কৰা সভাত ভাষন প্ৰদান কৰি আই আই টি গুৱাহাটীৰ ড৹ সুৰজীত চৌধুৰীয়ে কয় যে মানৱ ধৰ্মৰ সমান ভক্তি এই পৃথিবীত একোৱেই নাই । সংকট মৌচন সেৱাশ্ৰমৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে উপস্থিত সকলোৱে । ৰক্তদান শিবিৰ অনুষ্ঠানত উপস্থিত থাকে দীপ, ডিম্বেশ্বৰ দাস, পাপু, বিনয় শৰ্মা, বাবু, শৰৎ নাথ, ব্ৰজেন দাসৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তি । উল্লেখ্য যে প্ৰতি দেওঁবাৰে আশ্ৰমখনিত ছাত্ৰ-ছাত্ৰী সকলক বৌদ্ধিক আৰু মানসিক দিশৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰাঙ্কনকে ধৰি বিভিন্ন ধৰনৰ শিক্ষা মূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ বাবে যো-জা কৰা হৈছে সেয়েহে সমূহ ৰাইজৰ সু-পৰামৰ্শ আৰু সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আশ্ৰম কতৃপক্ষই ।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন