গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ইংৰাজী শুক্ৰবাৰে সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তে এক ব্যতিক্ৰমী অনুষ্ঠানেৰে ভূ-অলংকাৰ দিৱস উদযাপন কৰে । সভাত উপস্থিত থাকে উওৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক পুলকেশ বৰুৱা, সজল দাস ,কিশোৰ দাস , মাৰ্গ দৰ্শক বিশ্বেশ্বৰ গোস্বামী, মহানগৰৰ সভাপতি ৰুমী ভূঞা , সম্পাদক বেদব্ৰত শইকীয়া , সম্পাদক মণিষা মজুমদাৰ বৰুৱা, প্ৰাচীন কলা প্ৰমুখ চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তী, ভূ-অলংকাৰ বিধা প্ৰমুখ মীনা মজুমদাৰ , কাৰ্য্যালয় প্ৰমুখ মনজিৎ শৰ্মাকে ধৰি কেইবাজনো উত্তৰ অসম প্ৰান্তৰ বিষয়ববীয়া সভাত উপস্থিত থাকে । কেন্দ্ৰীয় কাৰাগাৰাৰ অধীক্ষক দিবাকৰ মালাকাৰ , জেলাৰ পৰিনিতা বৰুৱাকে ধৰি কেইবাজন সহ জেলাৰে ভূ-অলংকাৰ দিৱসৰ ওপৰত বক্তব্য ৰাখে । সাধাৰণ সম্পাদক পুলকেশ বৰুৱাৰ সুন্দৰ ভাষণত সকলো মুগ্ধ হয় । জেলৰ বিষয়ববীয়া আৰু সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ সকলো বিষয়ববীয়াৰ সহযোগত বিভিন্ন গীত, নৃত্যৰে অনুষ্ঠানটি সুন্দৰ কৈ সজাই তোলে । অসমৰ জাপি ভূ-অংলকাৰ দিৱসত সকলো প্ৰান্ততে ৰঙ্গুলিৰে সজোৱা হৈছে। মুঠতে অতি সুন্দৰ আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তে কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত কৰে।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত