দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলত আজি দিনযোৰা কাৰ্যসূচীৰে হেপাহৰ ৰঙালী বিহু উদযাপন কৰে। পুৱা চাফাই অভিযান চলোৱাৰ পিছত বিহু পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উত্তম চন্দ্র কলিতাই। ইয়াৰ পিছতে অনুষ্ঠিত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সংস্কৃতিবান ব্যক্তি দোস্ত হবিবুৰ ৰহমানৰ পৰিচালনাত অন্তৰংগ আলাপত ভাগ লৈ বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মাই কয়- “সমন্বয়-সংহতি-একতাৰে সমাজ গঢ়িব পাৰি। গৰৈমাৰীয়ে আজি এক ইতিবাচক দৃষ্টিভংগীৰে বৰ অসম গঢ়াত খোঁজ দিছে। মনত ইতিবাচক চিন্তা, সৎ মনোভাৱ থাকিলে বহু ভাল কাম কৰিব পাৰে।সভাৰ অতিথি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা লেখিকা ড০ অসমী গগৈয়ে কয়- কৃষিৰ স’তে বিহুৰ সম্পর্ক অনেক। সকলো ধৰ্মৰ লোকে বিহু উদযাপন কৰিব পাৰে। অসমীয়া জাতিক বিশ্বৰ দৰবাৰত বিহুৰ জড়িয়তে চিনাকি দিব পাৰি। অসমীয়া সংস্কৃতি ধৰি ৰখাত চৰ-চাপৰিৰ ভূমিকা অনেক আছে। সভাত বিখ্যাত চৰদ বাদক তৰুণ চন্দ্র কলিতা, গৰৈমাৰী এফ. এ. আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল চাহাব, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, অধ্যাপক নাছিৰ উদ্দিন আহমেদ, তৈবুৰ ৰহমান খাঁন, বেগম ৰুণা লায়লা মজুমদাৰ, বাইহাটা চাৰিআলিৰ ডোৰা কঁহৰা হাইস্কুলৰ শিক্ষয়িত্ৰী তথা কবি দুৰ্গামণি বৰগোঁহাই, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্বৰবত আলী আহমেদ, ডা: ফজলুৰ হক চৌধুৰী, আব্দুৰ ৰহমান, আব্দুল গফুৰ, কাজিম উদ্দিন, কবি আলাউদ্দিন আল আমিন, আব্দুল কালাম আজাদ, নাৰায়ণ চন্দ্র কলিতা, মৈজুদ্দিন আহমেদ, মিলন চন্দ্র সূত্ৰধৰ, প্ৰবীণ কলিতা, ৰামচৰণ কলিতা, ৰাষ্ট্ৰীয় খেলুৱৈ মনোজ কুমাৰ দাস প্ৰভৃতি বিশিষ্ট অতিথি হিচাপে অংশ লয়। ছাত্রী গায়ত্রী কলিতাই আঁত ধৰা অতি আকৰ্ষিত অনুষ্ঠানটিত বিদ্যালয়ৰ সৰহ সংখ্যক ছাত্রীয়ে বিহু নৃত্য, হুচৰি, বড়ো নৃত্য, ৰাভা নৃত্য, কামৰপী লোকগীতত নৃত্য, গোৱালপৰীয়া লোকগীতত নৃত্য, জেং বিহু পৰিৱেশন কৰে। অনুষ্ঠানতে ছয়গাঁওৰ বেউলা সংগীত গোষ্ঠীৰ শিল্পী বৃন্দই গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব বৰ্দ্ধন কৰে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান