আয়ুস্মান ভৱ অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য সেৱা আৰু জিলা স্বাস্থ্য সমিতিৰ যুতীয়া সঞ্চালকৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৰাতিপুৱাৰে পৰা দিনজোৰাকৈ অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰটোত বিভিন্ন যান-বাহনৰ মালিক, চালক,কাৰ্যালয়টোৰ কৰ্মচাৰীৰ লগতে যানবাহনৰ কামত কাৰ্যালয়টোলৈ অহা এশৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰি বিশেষজ্ঞ চিকিৎসকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰি ঔষধ সংগ্ৰহ কৰে । স্বাস্থ্য পৰীক্ষা শিবিৰটোত উপস্থিত হৈ বিশেষজ্ঞ চিকিৎসক,নাৰ্ছৰ উপৰি চিকিৎসা গ্ৰহণৰ বাবে সমবেত লোকৰ লগত মত বিনিময় কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সকলোৰে সুস্বাস্থ্য কামনা কৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ