আশাৰ ৰেঙনি কঢ়িয়াইছে ৰামধেনুৱে

1 274

যান্ত্ৰিকতাৰ কোলাহলত দিনে দিনে হেৰাই যাব বিচাৰিছে মানৱীয় অনুভূতি কথাষাৰ আপুনি আমি উলাই কৰিব নোৱাৰো কিয়নো আজিৰ দিনটো গাও অঞ্চল বোৰত এই যান্ত্ৰিকতাৰ প্ৰভাৱ পৰা দেখা যায়। অপ্ৰিয় হ’লেও সত্য যে আগৰ দিনৰ নিচিনাকৈ ইজনে সিজনৰ ঘৰলৈ যোৱা পৰম্পৰা তথা ঘৰৰ চাল চাই সমূহীয়া ভাৱে দুখীয়া মানুহৰ ঘৰক উদ্ধাৰ কৰা পৰম্পৰা আজি বিলুপ্তিৰ পথত। এনে সময়তে মহানগৰীত এগৰাকী সমাজকৰ্মী প্ৰচেষ্টাত এজাক শিশু আৰু মহিলাই আশাৰে হাঁহিবলৈ শিকিছে। সেয়েহে আজি nefocus.com ৰ সুখবৰ শিতানত এই খবৰে স্থান লাভ কৰিছে।

IMG-20170519-WA0022

হয়, আপোনাক জনাব বিচাৰিছো ৰামধেনু নামৰ এক প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে। মহানগৰীৰ বেলতলাৰ ইউচিং ফিল্ড সমীপত মেঘালী দাসৰ বাসগৃহত এই প্ৰশিক্ষণ কেন্দ্ৰটো আৰম্ভ হৈছিল জানুৱাৰী মাহৰ পৰা। উল্লেখযোগ্য যে অভাৱগ্ৰস্ত শিশু আৰু দুখীয়া মহিলা সকলৰ বাবে বিভিন্ন প্ৰশিক্ষণ সম্পূৰ্ণ বিনামুলীয়াকৈ আগবঢ়াই আহিছে। উল্লেখযোগ্য যে তেখেতৰ এই কামত সহযোগ কৰিছে মিতালী ভট্ৰাচাৰ্য্যই।

IMG-20170519-WA0021

এই সম্পৰ্কে জানিব বিচৰাত দাসে এনেদৰে জনায়- বহুসময়ত চৰকাৰী আঁচনিয়ে বিভিন্ন কাৰণত দুখীয়া অভাৱগ্ৰস্ত জনক ঢুকি নাপায়। সেয়েহে ৰামধেনু আৰম্ভ কৰিলো। শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ হোৱাকৈ আমি সুকুমাৰ কলাৰ প্ৰশিক্ষণ দিও। আনহাতে মহিলা সকলে যাতে ঘৰৰ পৰাই কম মুলধন কাম কৰিব পাৰে তাৰ বাবে ডিজাইনিঙৰ প্ৰশিক্ষণ প্ৰদান কৰো।

IMG-20170519-WA0023

স্মতৰ্ব্য যে প্ৰথম অৱস্থাত এই দুগৰাকী মহিলাই আনৰ ঘৰত কাম কৰা মহিলাৰ যোগেদি প্ৰচাৰ চলাই প্ৰশিক্ষাৰ্থী যোগাৰ কৰিছিল। তেখেতৰসকলৰ এনে প্ৰচেষ্টাৰ অংশীদাৰ বৰ্ত্তমানে বহুজনেই হৈছে। আপুনিও হ’ব পাৰে এই যাত্ৰাৰ সংগী। মাথো মানৱীয়তাৰে শিক্ষা প্ৰমূল্যবোধক জীয়াই তোলক।

ৰামধেনুৱে অনাগত দিনত আশাৰ ৰামধেনু সাজক। সমাজক দি যাওক এক আদৰ্শৰ ৰেঙনি, আমাৰ থাকিল অলেখ শুভকামনা।

কৃতজ্ঞতা- ভূপেন ভট্ৰাচাৰ্য্য

1 Comment
  1. GITANJALI says

    খুব ভাল লাগিল

Leave A Reply

Your email address will not be published.