আৰক্ষীৰ যোগাযোগ ব্যৱস্থা আধুনিকীকৰণৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ

0 255

অসম আৰক্ষীৰ অন্যতম অংগস্বৰূপ তথা গুৰুত্বপূৰ্ণ থানা হিচাপে পৰিচিত অসম আৰক্ষী জনতাৰ সংগঠন (এ পি আৰ অ)ৰ লগত যোগাযোগ ব্যৱস্থা আধুনিকীকৰণ আৰু শেহতীয়া প্ৰযুক্তিৰে সংযুক্ত কৰাৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। সকলো ঠিকে ঠাকে থাকিলে প্ৰথম পৰ্যায়ত গুৱাহাটী মহানগৰীত অহা এটা বছৰত নতুন ৰূপ পাব আৰক্ষীৰ যোগাযোগ ব্যৱস্থাই। এই সন্দৰ্ভত অসম আৰক্ষীৰ যোগাযোগ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান সত্যেন নাৰায়ণ সিঙে জানিবলৈ দিয়ে যে এই আঁচনিৰ অধীনত আৰক্ষীৰ সৈতে যোগাযোগ সম্পূৰ্ণ ডিজিটেল কৰা হ’ব। প্ৰথম অৱস্থাত গুৱাহাটীক এক মডেল হিচাপে লৈ প্ৰায় ৩.৫০ কোটি টকাৰ আঁচনিৰ অধীনত গুৱাহাটীত আৰক্ষীৰ যোগাযোগ ব্যৱস্থাত ব্যৱহৃত হৈ থকা সমূহ বৰ্তমানৰ এনালগৰ পৰা ডিজিটেল কৰা হ’ব।

যোগাযোগ ব্যৱস্থাটোক অত্যাধুনিক পদ্ধতিৰে সমৃদ্ধ ডিজিটেল ব্যৱস্থাৰ অধীনত পৰিচালিত হ’লে ৱাকি টকীকে ধৰি যোগাযোগ ফাৰ্মত ব্যৱহৃত যন্ত্ৰ সমূহৰ কাৰ্য্যক্ষম বহুখিনি বৃদ্ধি পাব। উল্লেখযোগ্য যে বৰ্তমান ৱাকি টকী সমূহত ১০টা চেনেল উপলব্ধ হয়। কিন্তু ডিজিটেল হ’লে চেনেলৰ সংখ্যা ১০০ লৈ বৃদ্ধি পাব। আনহাতে গুৱাহাটীৰ পিছতে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া বা আন যিকোনো দুখন জিলাত এই ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছত পৰ্য্যায় ক্ৰমে ৰাজ্যৰ সকলো জিলাক এই এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। সম্প্ৰতি ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত যোগাযোগ বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ বাবে ১৪ টা পাহাৰীয়া ওখ ট্ৰেন্সমিচন চেণ্টাৰ বা ৰিপিটাৰ্চ টাৱাৰ আছে।

সকলো টাৱাৰ ডিজিটেল ব্যৱস্থাৰ আওতালৈ আহিলে নিশ্চিত ভাবে ৰাজ্যৰ ভিতৰত আৰু বহিৰাজ্যৰ সৈতে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ অতি দ্ৰুততৰ হব। বিশেষকৈ ইণ্টাৰ ষ্টেট পুলিচ কমিনিকেচন ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে বহিৰাজ্যৰ আৰক্ষীৰ সৈতে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ অধিক ক্ষিপ্ৰতৰ হৈ পৰিব। আনহাতে গুৱাহাটীৰ জালুকবাৰীত থকা অসম আৰক্ষীৰ যোগাযোগ শাখাৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এ পি আৰ ৰ প্ৰশিক্ষক বিদ্যালয় খনৰো আধুনিকৰন লগতে উন্নীত কৰণৰ ব্যৱস্থা কৰা হৈছে।

ইতিমধ্যে তাত কম্পিউটাৰ লেবৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যোগাযোগ ব্যবস্থাত ব্যৱহৃত শেহতীয়া উন্নত প্ৰযুক্তি সমূহ যাতে বৰ্তমান ৰেডিঅ অপৰেটৰ বা বিষয়া সকলে জানিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দিয়ে সঞ্চালক প্ৰধান সত্যেন নাৰায়ণ সিঙে। আনহাতে উন্নত ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাব পৰাকৈ এ পি আৰ অ কৰ্মৰত সকলোকে স্মাৰ্ট ব্যক্তি হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব দিয়ে সঞ্চালক প্ৰধান গৰাকীয়ে।

Leave A Reply

Your email address will not be published.