আৰণ্যকৰ প্ৰশংসনীয় পদক্ষেপ

0 239

উত্তৰ পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা সংস্থা আৰণ্যকে কালি  International Rhino Foundation সহযোগত কাৰ্বি আলং জিলা আৰক্ষীক, জিলাখনত চলি থকা বন্যপ্ৰাণী জনিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে এখন বলেৰ’কেম্পাৰ আৰু ১৫০ চিচিৰ দুখন বাজাজৰ পালচাৰ মটৰ চাইকেল উপহাৰ দিয়ে।
 
 
 
IRF ৰ wildlife crime Monitoring Consultant ৰাহুল দত্তৰ উপস্থিতিত কাৰ্বি আলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আৰণ্যকৰ সচিব প্ৰধান ডক্টৰ বিভৱ কুমাৰ তালুকদাৰৰ পৰা এই উপহাৰ গ্ৰহণ কৰে।
 
 
 
এই সম্পৰ্কে তালুকদাৰে কয় যে কাৰ্বি আলং জিলাখন চোৰাং চিকাৰীৰ বাবে এক সুবিধাজনক অঞ্চলত অৱস্থিত। যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ দৰে ঘৃণনীয় কাৰ্য সফল ভাৱে ৰূপায়ন হয়। কাজিৰঙা অভয়াৰণ্যৰ পূব অংশত গড় হত্যা অপৰাধত অলপতে এজন অপৰাধীক আটক কৰাত আৰু জিলাখনত চলি থকা বন্যপ্ৰাণী জনিত অপৰাধক মষিমূৰ কৰাত কাৰ্বিআলং জিলা আৰক্ষীয়ে যি তৎপৰতা দেখুৱাইছে ই অতিকৈ প্ৰশংসনীয়।
 
 
উল্লেখযোগ্য যে ইতিপূৰ্বেও আৰণ্যকে বন্যপ্ৰাণী জনিত অপৰাধ সমূহ নিয়ন্ত্ৰণ কৰা বাবে NABU International আৰু International Rhino Foundationৰ সহযোগিতাত গোলাঘাট জিলা আৰক্ষীক ছয়খন ৰাজ্যৰ পালচাৰ মটৰ চাইকেল আৰু দৰং জিলা আৰক্ষীক দুখন মটৰ চাইকেল উপহাৰ দিছিল।

Leave A Reply

Your email address will not be published.