প্ৰতিবছৰৰ দৰে এইবেলিও দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক আৰু সংবাদকর্মীসকলৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ আজি দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাস্থিত ই পি মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ নিজস্ব ভূমিত ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ‘ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ সভাপতি ৰতন কলিতাই। ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে মুখ্য উপদেষ্টা বলেন কলিতা, কাৰ্যকৰী সভাপতি হিতেন মালীয়ে। বন্তি প্ৰজ্বলন কৰে সম্পাদকদ্বয় নীৰেনে চন্দ্ৰ মালী, গিৰীন্দ্ৰ কলিতা আৰু কোষাধ্যক্ষ হিতেশ কলিতা, সদস্য নুৰুল ইছলাম, চাহাব চৌধুৰী, প্ৰদীপ দাস, জীতুমণী দাসে। দুপৰীয়া সম্পাদকদ্বয় নীৰেনে চন্দ্ৰ মালী আৰু গিৰীন্দ্ৰ কলিতাই আঁতধৰা সভাত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত মুখ্য উপদেষ্টা বলেন কলিতাই ই পি মিডিয়া ফ’ৰামৰ গঠন হোৱাৰে পৰা বিভিন্ন সমাজিক, সাংস্কৃতিক, শৈক্ষিক দিশসমূহত কাম কৰি আহিছে বুলি গঠনমূলক ব্যাখ্যা আগবঢ়ায়। সভাত কাৰ্যকৰী সভাপতি হিতেন মালীয়ে ই পি ফ’ৰাম, চাউথ কামৰূপ স্থাপিত হোৱাৰে পৰা বিভিন্ন ঘাট-প্ৰতিঘাট নেওচি আহি আহি ত্ৰয়োদশ বাৰ্ষিক বৰ্ষত ভৰি দিছে। বিগত সময়ছোৱাত ফ’ৰামৰ তৰফৰ পৰা সামাজিক তথা ক্ৰীড়া ক্ষেত্ৰত আগভাগ লৈ আহিছে বুলি মন্তব্য কৰে। সভাত উপস্থিত সকলোৱে নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰে। শেষত সভাপতি কলিতা আৰু সম্পাদকদ্বয়ে মালী আৰু কলিতাই বিগত বছৰ কেইটাত উলহ মালহেৰে তথা সামাজিক,সাংস্কৃতিক, ক্ৰীড়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা বাবে বিভিন্নজনক সম্বৰ্ধনা জনাই আহিছে। কিন্তু দুখৰ বিষয় যে, এইবেলিও বিগত দিন কেইটাত বৰষুণৰ ফলত ই পিমিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। সেয়েহে এইবেলি বিগত বছৰবোৰৰ দৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা নহ’ল। লগতে ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চাৰিসীমাৰ বেৰৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰে চাৰি সীমাৰ বেৰৰ কাম আৰম্ভ হলেই ভূমিত মাটি পূৰোৱা তথা ঘৰৰ কাম আৰম্ভ কৰিব বুলিও উল্লেখ কৰে। ইতিমধ্যে ই পি মিডিয়া নিজস্ব ভূমিত শৌচাগাৰ আৰু প্ৰসৱগাৰ কাৰ পঞ্চায়তৰ অনুদানৰে যোৱা সম্পূৰ্ণ হৈছে। ঠিক তেনেদৰে আগন্তুক সময়ত পৰ্যায় ক্ৰমে চাৰিসীমাৰ বেৰ আৰু ঘৰৰ কাম হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।
Trending
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত