উচ্চতৰ মাধ্যমিকত নাম ভৰ্তিৰ বাবে অন্বেষণ এপ মুকলি

0 327

উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰী সকল যাতে মহাবিদ্যালয়লৈ যাব নালাগে তাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। ক’ভিড১৯ৰ ফলত চলি থকা জটিল পৰিস্থিতিৰ বাবে এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি সমূহ অনলাইনৰ জৰিয়তে কৰা হ’ব। ইতিমধ্যে নামভৰ্তিৰ বাবে শিক্ষা বিভাগে এখন জাননী বুধবাৰে জাৰি কৰিছে। উল্লেখযোগ্য যে ইয়াৰ বাবে এটা বিশেষ এপৰো মুকলি কৰিছে শিক্ষা বিভাগে।
 
 
 
উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে মুকলি কৰা এপটো হৈছে অন্বেষণ। ১৫জুনৰ পৰা এই অন্বেষণ এপটো অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেৱাৰ ৱেবচাইটত উপলব্ধ হ’ব। অহা ২০জুনৰ পৰা এই এপটোৰ জৰিয়তে ৰাজ্যৰ যিকোনো চৰকাৰী খণ্ডৰ মহাবিদ্যালয়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাবে ছাত্ৰ ছাত্ৰী সকলে নামভৰ্তিৰ প্ৰ পত্ৰ পূৰণ কৰিব পাৰিব।
 
 
অনলাইনৰ জৰিয়তে হ’বলগীয়া নামভৰ্তিৰ অন্তিম তাৰিখ ৩০জুন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে অহা ১জুলাইত নিৰ্বাচিত কৰা শিক্ষাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব। ছাত্ৰ ছাত্ৰী সকলৰ কাট অৱ মাৰ্কৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনৰ তালিকা প্ৰকাশিত হ’ব।

Leave A Reply

Your email address will not be published.