উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ

0 71

আজি ঘোষণা কৰা অসম উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উল্লেখ্য যে পৰীক্ষাত ৬ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইজনে উৰ্ত্তীণ হয়। ইয়াৰ ভিতৰত সুন্দৰবড়ীস্থিত অসম চৰকাৰৰ ৰাজ্যিক নাৰীগৃহৰ আৱাসী সীমা দাসে ইতিহাস আৰু স্বদেশ অধ্যয়ন বিষয়ত লেটাৰ নম্বৰৰ সৈতে প্ৰথম বিভাগত সুখ্যাতিৰে উৰ্ত্তীণ হয়। বাকী কেইজন দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু তাৰে ৫ জনে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰে। বৰ্ত্তমান ২০২৫-২৬ শিক্ষা বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু চাৰি বছৰীয়া স্নাতক (FYUGP)ৰ নামভৰ্তিৰ কাম অসম চৰকাৰৰ দৰ্পণ (DARPAN)আৰু সমৰ্থ (SAMARTH) পৰ্টেল অনুসৰি আৰম্ভ কৰা হৈছে।

Leave A Reply

Your email address will not be published.