ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ সভাগৃহত মামণি ৰয়ছম গোস্বামী অধ্যয়ন কেন্দ্ৰ এটাৰ শুভ উদ্বোধন কৰা হয় । মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ পূৰৱী কলিতাই আঁত ধৰা শুভ উদ্বোধন অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ কুকিলা গোস্বামীয়ে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মণীষা ভট্টাচাৰ্যই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী ভাষণত ডঃ মামণি ৰয়ছম গোস্বামীৰ জীৱন কৃতি সন্দৰ্ভত চমু আলোকপাত কৰাৰ লগতে সাহিত্যিক গৰাকীৰ অতুলনীয় কৰ্মৰাজি আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কত অবলোকন কৰি অসমীয়া বিভাগৰ এনে উদ্যোগৰ শলাগ লয় । অনুষ্ঠানটোত উপস্থিত থাকি ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ মধুলিমা চলিহা আৰু বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ শৰ্মাই অসমীয়া বিভাগৰ এনে পদক্ষেপক আদৰণী জনোৱাৰ লগতে মামণি ৰয়ছম গোস্বামীৰ সৃষ্টিৰাজিৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আগ্ৰহী কৰাৰ উপৰি অসমীয়া বিভাগক বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ