উত্তৰণ জীৱিকাৰ এক মাধ্যম

1 305


উত্তৰণ ৰাষ্ট্রীয় নগৰীয়া জীৱিকা অভিযানৰ এক সুকীয়া পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে ৩৫ জনীয়া বিভিন্ন আত্মসহায়ক গোটৰ মহিলাক সংগবদ্ধ কৰি আৰম্ভ  হৈছে এক অৰ্থনৈতিক বিপ্লৱৰ। প্ৰতিগৰাকী মহিলাই নিজৰ ৰাহি সময়খিনিক পৰিৱৰ্তিত কৰিছে উপাৰ্জনৰ মাধ্যমলৈ। উত্তৰণৰ অধীনত প্ৰস্তুত হোৱা বিভিন্ন স্বাদৰ আচাৰে ক্রেতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে খুব কম সময়তে। খুব নগণ্য পুঁজিৰে আৰম্ভ কৰা এই উদ্যোগে ইতিমধ্যেই আত্মসহায়ক গোটৰ সদস্য সকলক মনোবল যোগাইছে। শিৱসাগৰৰ প্ৰতিম বৰুৱাই এই ক্ষেত্ৰত প্ৰথম অৱস্থাৰ পৰাই উত্তৰণৰ অধীনত প্ৰস্তুত হোৱা বিভিন্ন স্বাদৰ আচাৰৰ সামগ্ৰী তেখেতৰ বাবুপট্টী স্থিত বিপনী ট্ৰেন্দজত বিক্ৰীৰ বাবে আগভাগ লৈছিল আৰু তাৰ পাছত নগৰৰ বিভিন্ন বিপনী যেনে চাওলুং, সামগ্ৰী বিচিত্ৰ, জয়দেৱী এণ্টাৰপ্ৰাইজ, বেক ভিল্লা, শইকীয়া চুইটছ আদিকে ধৰি নগৰৰ বিভিন্ন স্থানৰ বিপনী সমূহত এই সামগ্ৰী সমূহ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল । জনপ্ৰিয় হৈ পৰা উত্তৰণৰ এই সামগ্ৰী সমূহে অনাগত দিনত ক্রেতাৰ আৰু সমাদৰ লাভ কৰি গোটৰ সদস্য সকলক উপাৰ্জনৰ বাট দেখুৱাব বুলি আশা কৰা হৈছে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।

1 Comment
  1. পলাশ বৰগোহাঁই says

    সুন্দৰ প্ৰদক্ষেপ

Leave A Reply

Your email address will not be published.