পহিলা ডিচেম্বৰত অংগীকাৰবদ্ধ হ’ব

0 198

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উল্লেখনীয় পদক্ষেপ ।প্লেডজ ফৰ লাইফ’ত অসমৰ ৩৩ খন জিলাৰ ব্লক আৰু পঞ্চায়ত পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ১ ডিচেম্বৰ, ২০১৮ত অঙ্গীকাৰবদ্ধ কৰাব । অসমৰ শিক্ষা বিভাগৰ আয়ুক্তই কয় যে অসমৰ ৫০,১৩১ খন চৰকাৰী বিদ্যালয়ত ৪৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে। আমি বিচাৰো  ছাত্ৰ-ছাত্ৰীসকলে এক সুস্থ জীৱন যাপন কৰে আৰু ধঁপাতৰ ফলত হোৱা ৰোগৰ পৰা মুক্ত হয় ।এই পদক্ষেপত সহযোগ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সম্বন্ধ হেল্থ ফাউণ্ডেচন, আচাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, টাটা ট্ৰাষ্ট, কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল, ৰটাৰী ক্লাৱ আৰু ইণ্ডিয়ান ডেন্টেল এছ’ছিয়েচনে। অঙ্গীকাৰটো হ’ল এনেধৰণৰ “মই তামোল বা ধঁপাতৰ কোনো ধৰণৰ দ্রব্য যেনে চিগাৰেট, বিড়ি বা অন্যান্য চোবাই খোৱা ধঁপাত যেনে গুটখা আদি মোৰ জীৱনত কেতিয়াও সেৱন নকৰো আৰু লগতে মোৰ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গকো সেৱন নকৰিবলৈ উপদেশ দিয়াৰ অঙ্গীকাৰ গ্ৰহণ কৰিছো।ইয়াৰ লগতে এটা ভিডিঅ’ প্ৰদৰ্শিত হ’ব, কিদৰে ধঁপাতৰ দ্বাৰা এজন লোকৰ জীৱন আৰু তেওঁৰ পৰিয়ালৰ ক্ষতি সাধন হয় ।এই ভিডিঅ’ৰ জৰিয়তে শিক্ষাৰ্থীসকলক ধঁপাত সেৱনৰ ফলত হোৱা ক্ষতিসমূহ জনোৱাৰ পিছত তেওঁলোকক অঙ্গীকাৰবদ্ধ কৰা হ’ব। বিদ্যালয়সমূহে এণ্ড্ৰইড এপ্লিকেচন ‘প্লেডজ ফৰ লাইফ’ত এই অনুষ্ঠানৰ অন্তত: একপি ফটোগ্ৰাফ আৰু অঙ্গীকাৰ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অন্তৰ্ভুক্ত কৰিব লাগিব। সম্বন্ধ হেল্থ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা আৰু মুখ্য ধঁপাত নিয়ন্ত্ৰক সঞ্জয় শেঠে কয়, “প্লেডজ ফৰ লাইফ অভিযানৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত এনে এক পৰিবেশৰ সৃষ্টি কৰা হ’ব যে তেওঁলোকে ধঁপাত আটাইতকৈ অপ্ৰয়োজনীয় দ্রব্যৰূপে গ্ৰহণ কৰিব । গৱেষণাত পোৱা গৈছে যে যি কাৰ্যত ল’ৰা-ছোৱা‍লী অথবা শিশুসকলে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে, তেনে কাৰ্যৰ দ্বাৰা তেওঁলোকক পতিয়ন নিয়া সহজ । এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ শিক্ষা বিভাগক ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা এই মহান পদক্ষেপৰ বাবে ধন্যবাদ জনাইছোঁ। ধঁপাত সেৱনৰ ফলত ভাৰতত প্ৰত্যেক বছৰে ১৩.৫ লাখতকৈ অধিক লোকৰ জীৱননাশ হয় । অসমত ধঁপাত সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰতৰ ভিতৰত ২৮.৬% আৰু এনে লোকৰ প্ৰায় আধা অংশৰ বয়স ১৫ বছৰতকৈ অধিক। ভইচ অৱ টৱাক’ ভিক্টিম (VoTV)ৰ পৃষ্ঠপোষক ড° অশোক দাসে কৈছে, “কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে আৰু দুখৰ কথা যে আজিকালি তৰুণ প্ৰজন্মৰ লোকসকলো এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলৈ ধৰিছে । যদি আমি ধঁপাত বৰ্জন কৰিব পাৰো তেন্তে আমি ৫০ শতাংশ কৰ্কট ৰোগক বাধা দিব পাৰিম | মুখৰ আৰু শ্বাসযন্ত্ৰৰ কৰ্কট ৰোগৰ ৯০% ধঁপাত সেৱনৰ ফলত হয় । এই অভিযানৰ জৰিয়তে ধঁপাত সেৱন বৰ্জনৰ চেষ্টা কৰা হৈছে আৰু ই ধঁপাতৰ ফলত হোৱা ক্ষৰি ৰোধ কৰাত এক ফলপ্ৰসু পদক্ষেপৰূপে প্ৰমাণিত হ’ব।  উল্লেখ্য যে গ্লবেল এডাল্ট টবাক’ চাৰ্ভে ২০১৭ (GATS)ৰ মতে অসমত এক কোটিৰো অধিক ধঁপাত সেৱনকাৰী আছে য’ৰ ১৩.৩ লাখ লোকে ধুমপান কৰে, ১৮.৮ লাখ লোকে বিড়ি সেৱন কৰে আৰু ৯১ লাখ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে।  জি.এ.টি.এচ. (GATS) ২০১৭ অনুসৰি অসমত ৬২.৯% পুৰুষ, ৩২.৯% মহিলা আৰু ৪৮.২% সকলো প্ৰাপ্তবয়স্ক (১৫ বছৰৰ উৰ্দ্ধৰ) লোকে ধোঁৱাযুক্ত বা ধোঁৱাবিহীন ধঁপাত সেৱন কৰে । তথ্য অনুসাৰে, ২৫.৩% পুৰুষ, ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধুমপান কৰে, আনহাতে ৫০.৫% পুৰুষ, ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে ।আচাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (টাটা ট্ৰাষ্টৰ) ড৹ এন. কে. হাজৰিকাই কয় অসমত য’ত প্ৰাপ্তবয়স্কসকলৰ অৰ্ধসংখ্যক লোকে ধঁপাত সেৱন কৰে, এনে এটি পদক্ষেপৰ দ্বাৰা ইয়াৰ প্ৰচলন হ্ৰাস কৰাত নিশ্চয় সহায়ক হ’ব ।

Leave A Reply

Your email address will not be published.