উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ সভা অনুষ্ঠিত

0 153

আগন্তুক অশোকাষ্টমী পূজা তথা পূণ্য স্নান উপলক্ষে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনী অসমতো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈত আন্তৰাষ্ট্ৰীয় বন্দৰত প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে।সেয়ে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত উত্তৰ শালমাৰা মহুকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহুকুমাধিপতি বিষয়া চিমি কৰণৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।উক্ত সভাত আগন্তুক যোগীঘোপা ব্ৰহ্মপুত্ৰ নৈত অশোকাষ্টমী পূজা আৰু মেলা নিয়াৰিকৈ চলাৰ অৰ্থে বিভিন্ন আলোচনা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।উক্ত সভাত বইটামাৰী ৰাজহ চক্ৰ বিষয়া,মহুকুমা নিৰ্বাচনী বিষয়া তথা সহকাৰী আয়ুক্ত বিষয়া,চক্ৰ আৰক্ষী বিষয়া,যোগীঘোপা আৰক্ষী বিষয়া আৰু অশোকাষ্টমী পৰিচালনা সমিতি আদি সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

বাতৰি যুগুতালে প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.