পলাশবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছয় দিনীয়া সাধাৰণ উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ আজি সফল সামৰণী পৰে। এই উপলক্ষে আয়োজন কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোৰ সঞ্চালনা কৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক দৰ্পন বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ই.পি.মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ উপদেষ্টা বলেন কলিতাই উপস্থিত থাকি আৰছেটি কামৰূপে গ্ৰাম্যঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে আগবঢ়াই অহা বিনামূলীয়া প্ৰশিক্ষণৰ শলাগ লয়। প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলে বেংক ঋণৰ জৰিয়তে আত্ম নিৰ্ভৰশীল হবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেংক, উপৰহালী শাখাৰ পৰিচালক হৰি দাসে বেংকৰ নিয়মীয়া লেনদেন, গোটৰ ৰেজিষ্টেচন, লোণৰ বিষয়ত বিস্তৃত বাব্খ্যা আগবঢ়ায়। যোৱা ৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণটোত কামৰূপ জিলাৰ ৩৫ গৰাকী মহিলাই অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উপৰহালী শাখাৰ পৰা আজি এটা আত্ম সহায়ক গোটক ১,০০,০০০.০০ টকা ঋণ আগবঢ়োৱা হয়। প্ৰশিক্ষণ লোৱা আটাইকেইটা আত্মসহায়ক গোটক পৰ্যায়ক্ৰমে অসম গ্ৰামীণ বিকাশ বেংক উপৰহালী আৰু কুকুৰমাৰা শাখাৰ পৰা ঋণ প্ৰদান কৰা হব বুলি সঞ্চালকে জানিবলৈ দিয়ে। অনুষ্ঠানটোৰ আঁতধৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সহায়িকা পাৰিজাত সন্দিকৈয়ে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা