পলাশবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ সহযোগত গ্রামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত অলপতে পাপৰ,আচাৰ, জাম, জেলী, মছলা পাওদাৰৰ ১০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ অলপতে অনুষ্ঠিত হৈ যায়। প্রশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ শিৱিৰ মুকলি কৰে গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক শংকৰ চক্ৰৱৰ্তীয়ে। সঞ্চালক চক্ৰৱৰ্তীয়ে সকলোকে স্বৱলম্বী হোৱাৰ ওপৰত ভাষণ প্ৰদান কৰি স্বৱলম্বী হোৱাৰ উপদেশ দিয়ে। অনুষ্ঠানত প্ৰশিক্ষক মিনাক্ষী গোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক বেঙেনাৰ মিঠা আচাৰ,আমলখিৰ আচাৰ,মধুৰীয়ামৰ জেলি, বিলাহীৰ চচ আদিৰ লিখিত আৰু ব্যৱহাৰিক দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।ইয়াৰ পিছত মুনীন্দ্ৰ দাসে দাইলৰ গুৰিৰ পৰা বনোৱা পাপৰ,চাগু পাপৰ, আলু চিপচ্, কলৰ চিপচ্ আদি বিভিন্ন আচাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণত সৰ্বমুঠ ৩১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই বেংক বিষয়ৰ ওপৰত আৰু ব্যৱসায়িক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে।প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers