কামৰূপ জিলাৰ পলাশবাৰী বিধান সমষ্টিৰ অন্তৰ্গত বিজয়নগৰৰ পাৰ্শ্ববৰ্তী উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক চৌহদত অৱস্থিত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আৰছেটিত যোৱা নবেম্বৰ মাহৰ পৰা চলি থকা আত্মসহায়ক গোটৰ মাহ যোৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ যোৱা কালি সফল সামৰণী পৰে। অসম গ্ৰামীণ বেংকৰ পৃষ্ঠ পোষকতাত, গ্ৰামীণ স্বানিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰদান কৰা এই কাৰ্য্যসূচীত আৰছেটিৰ সঞ্চালক তাৰকেশ্বৰ কলিতা আৰু ফেকালটি প্ৰণৱ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে । কামৰূপ জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ অধীনৰ নিৰ্বাচিত আত্ম সহায়ক গোটৰ ১২০ গৰাকী সদস্যাক চাৰিটা শাখাত ভাগ কৰি প্ৰতিটো শাখাক এসপ্তাহৰ বাবে দিয়া এই প্ৰশিক্ষণৰ কালছোৱাত প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলক বেংকৰ সঞ্চয় ,ঘূৰ্ণীয়ামান পুঁজিৰ অনুদান , বেংকৰ পৰা বিত্তীয় সাহায্যৰ প্ৰক্ৰিয়া ,নিয়মীয়া লেনদেন, আদি সম্পৰ্কত প্ৰশিক্ষণ আগবঢ়োৱা হয় । ইপিনে মাহজোৰা প্ৰশিক্ষণৰ সামৰণিৰ অন্তত যোৱা কালি আৰছেটিৰ উপৰহালি স্থপ্ৰশিক্ষণ কেন্দ্ৰত যোৱাকালি আৰছেটিৰ সঞ্চালক তাৰকেশ্বৰ কলিতাৰ সভাপতিত্বত এখনি সামৰণি সভা অনুষ্ঠিত হৈ যায় । সভাত প্ৰশিক্ষৰঠি সকলৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষাৰথী সকলৰ মাজত প্ৰশিক্ষন লাভৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় । সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাথী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে সাংবাদিক তথা সাংবাদিক পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি দীপক চন্দ্ৰ কলিতাই । প্ৰমাণ পত্ৰ বিতৰণ কৰি দিয়া ভাষণত কলিতাই উপৰহালীস্থিত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে কামৰূপ জিলাৰ আত্ম সহায়ক গোটৰ সদস্য সকলৰ মাজত প্ৰদান কৰি অহা প্ৰশিক্ষণৰ শলাগ । তেওঁ লগতে মহিলা আত্ম সহায়ক গোটে গ্ৰাম্যাঞ্চলৰ মহিলা সকলক উপাৰ্জন মুখি কৰি তোলাৰ ক্ষেত্ৰত যোগোৱা বৰঙণি সম্পৰ্কত বিশ্বাস বাখ্যা কৰে ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী