একেৰাহে চাৰি ঘন্টা পদঙ্গোস্থ ধনুৰাসনেৰে বিশ্ব ৰেকৰ্ড

0 228

নগাঁও জিলাৰ ডাকৰঘাট নিৰ্বাসী কোশল শইকীয়া আৰু আইমণি শইকীয়াৰ কন্যা জ্যোস্মিতা শইকীয়াই ৰাষ্ট্ৰসংঘৰ অধীনস্থ চ’লান বুক অব ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ সাফল্য কঢ়িয়াই আনিছে ।ডাকৰঘাট জাতীয় বিদ্যালয়ৰ দিত্বীয় শ্ৰেণীৰ ছাত্ৰী তথা DRUNACHARYA The RHYTHM OF Art যোগ বিদ্যালয় তথা নগাঁও জিলা যোগ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী জোস্মিতাই যোগাসনৰ পদঙ্গোস্থ ধনুৰাসনৰ ভংগিমাত চাৰি ঘন্টা সময় একেৰাহে ৰৈ থাকি এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অধীনস্থ নগাঁও জিলা যোগ কেন্দ্ৰৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্ম্মাই জনোৱা মতে দ্ৰোণাচাৰ্য The Rhythm of Art ৰ ব্যৱস্থাপনাত তথা Nagaon District yoga Sports Development Association ৰ সহযোগত ২৪জানুৱাৰীত ডাকৰঘাট সৌৰভ পুথিভৰালৰ চ’লান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড ৰ অসম শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় ৰেলমন্ত্ৰী তথা একল যোগ আৰোগ্য যোজনাৰ নগাঁও জিলাৰ সভাপতি ৰাজেন গোঁহাই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মা, একল অভিযানৰ নগাঁও জিলা সভাপতি ৰাধা ৰমন খাটোৱালা, জেষ্ঠ সাংবাদিক কনক হাজৰিকা, অৰুন নাগৰুৱাল, নগাঁও জিলা যোগ স্পৰ্টছ ডেভেলপমেন্ট এচোছিয়েচনৰ সমূহ কৰ্মকৰ্তা প্ৰমূখ্যে সহস্ৰাধিক লোকৰ উপস্থিতিত জোস্মিতাই পদঙ্গোস্থ ধনুৰাসন প্ৰদৰ্শন কৰিছিল আৰু চাৰি ঘন্টা এই আসন প্ৰদৰ্শনৰ অন্তত উল্লিখিত সংস্থাই এই স্বীকৃতি প্ৰদান কৰিছে ।উল্লেখ্য যে জোস্মিতাই বিগত তিনি বছৰ ধৰি প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্ম্মাৰ তত্ত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।ইতিমধ্যে অঞ্জন কৌশিক শৰ্ম্মাৰ তত্ত্বাবধানত প্ৰশিক্ষণ প্ৰাপ্ত আন এগৰাকী যোগ প্ৰশিক্ষাৰ্থীয়েও কিছুমাহ পূৰ্বে গৰ্ভাসনত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল ।

Leave A Reply

Your email address will not be published.