এক ঐতিহাসিক পদক্ষেপ, সাগৰীয় বন্দৰৰ পৰা চলিল বাণিজ্যিক জাহাজ

0 236

ব্ৰিটিছৰ দিনতে আৰম্ভ হোৱা জল পৰিবহন ব্যৱস্থাক মাইলৰ খুঁটি হিচাপে বিবেচিত কৰি পুনৰ উত্তৰ পূৱক সংযোগ কৰি অলপতে আৰম্ভ হ’ল জল পৰিবহন ব্যৱস্থা। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই অলপতে কলিকতা বন্দৰৰ পৰা আগৰতলালৈ আৰু অসম হৈ বালাদেশলৈ এক পৰিবহন ব্যৱস্থা মুকলি কৰে।
 
 

উল্লেখযোগ্য যে যোৱা ১৬জুলাইত তেখেতে ভাৰ্চুৱেলি ফ্লেগ অফ কৰে। ইয়াৰ জৰিয়তে উত্তৰ পূবক সামৰি বাংলাদেশলৈ জল পৰিবহন ব্যৱস্থা প্ৰৱৰ্তন হ’ল। এই সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰ যোগে মন্তব্য কৰে যে ইয়াৰ জৰিয়তে উত্তৰ পূবৰ লগতে অন্য প্ৰান্তই বাণিজ্যিকভাৱে বিকাশ লাভ কৰিব।

Leave A Reply

Your email address will not be published.