এখন অপৰাধমুক্ত গাঁওৰ কথাৰে

0 241

এখন অপৰাধমুক্ত গাঁও। গাঁওখনৰ কোনো লোকে ১৭৮ বছৰে গৰকা নাই থানাৰ চৌহদ। এই গাঁওখন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত। এই বিশেষ গাঁওখনৰ নাম হৈছে বৰখামটি গাঁও। ১৮৪২ চনতে স্থাপিত হোৱা এই গাঁওখনৰ কোনো ব্যক্তিয়ে আজিলৈকে গচকি পোৱা নাই থানাৰ চৌহদ।
অসমৰ এটা পুৰণি জনগোষ্ঠী হৈছে খামটি, তেতিয়াৰ সময়ত শদিয়াত বাস কৰা এই খামটি সকলে ইংৰাজৰ এজন গৱৰ্ণৰ কৰ্ণেল হোৱাইটক হত্যা কৰিছিল।কৰ্ণেল হোৱাইটক হত্যা কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ছত্ৰভংগ দিয়াবলৈ খামটি সকলক আন্দামান নিকোবৰলৈ জাহাজেৰে যাত্ৰা কৰাইছিল।
যাত্ৰাকালত জাহাজত অসুস্থ হৈ পৰা খামটি লোকসকলক ইংৰাজে কলাবাৰীত মুকলি কৰি দিছিল।তেওঁলোক গৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বসতি স্থাপন কৰে। আৰু তেওঁলোকৰ গাঁওখনৰ নাম থ’লে বৰখামটি।মুঠ ৪৩ টা পৰিয়ালে বসবাস কৰা এই গাঁওখন মূলতঃ বৌদ্ধ ধৰ্মৰে দীক্ষিত।বৌদ্ধ ধৰ্মৰ পঞ্চশীলবাণীক সৰোগত কৰি গাঁওবাসীয়ে বিগত ১৭৮ বছৰ গাঁওখনত অক্ষুন্ন ৰাখিছে শান্তিৰ পৰম্পৰা।
গাঁওখনৰ পৰিষ্কাৰ পৰিচ্ছন্ন আৰু কোলাহলমুক্ত পৰিৱেশে বিভিন্নজনক আকৰ্ষণ কৰে।গাঁওখনত এটা বৌদ্ধ মন্দিৰে শান্তিৰ স্বাক্ষৰ বহন কৰে।উল্লেখযোগ্য যে এই গাঁওখনে ২০০৫ চনতে অপৰাধ মুক্ত গাঁও হিচাপে ৰাষ্ট্ৰীয় মৰ্য্যদা লাভ কৰিছে।গাঁওখনৰ এজনো ব্যক্তিৰ বিৰুদ্ধে নাই এটাও গোচৰ।হত্যা হিংসাৰে জৰ্জৰিত কৰা অশান্ত অসম খনত এইসমূহ বৈশিষ্ট্যৰ বাবে বৰখামটি গাঁওখন এতিয়া লখিমপুৰ জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Leave A Reply

Your email address will not be published.