এখন বিদ্যালয়ৰ বাহ্যিক পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

0 260

টীয়কৰ গ্ৰাম্যাঞ্চলৰ এখন বিদ্যালয়।বিদ্যালয়খনৰ নাম টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।এই বিদ্যালয়খনৰ বাহ্যিক পৰিবেশে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
কিয়নো পেলনীয়া সামগ্ৰীসমূহ পেলাই নিদি বা আবৰ্জনা হিচাপে ব্যৱহাৰ নকৰি সেই সমূহ সামগ্ৰী বিভিন্ন সৃজনশীল সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জুইশলা বাঁহ,ডাঠ কাগজ,বটলৰ সাফৰ,আদি সামগ্ৰী সমূহ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী।য’ত আছে জেচিপি,ডাম্পাৰ,টেক্টৰ, ফুলদানি আদি।
তদুপৰি ছাত্র ছাত্ৰী সকলে বিদ্যালয়ৰ চৌহদতে নিৰ্মাণ কৰা এখন ক্ষুদ্ৰ উদ্যানত এনে সামগ্ৰীৰে প্ৰস্তুত কৰা গঁড়,কাছ পদুম ফুলৰ লগতে পানীৰ এক যুৱলি নিৰ্মাণ কৰাৰ লগতে মহামাৰী ক’ৰণা সজাগতা সম্পৰ্কত এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াইছে। বিদ্যালয়ৰ চৌহদতে কল খেতি কৰি প্ৰতীকি অৰ্থত পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনাইছে।চৰকাৰী বিদ্যালয়খনৰ শিক্ষক সকলৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে দেখুৱা এই শৈল্পিক প্ৰতিভা এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে।এইসকল প্ৰতিভাবান ছাত্ৰ ছাত্ৰীক উচিত মাৰ্গ দৰ্শনৰ ব্যৱস্থা কৰিলে অনাগত দিনত নিজৰ লগতে সমাজলৈ ইতিবাচক বৰঙণি আগবঢ়াব বুলি সকলোৱে আশা কৰিছে।

Leave A Reply

Your email address will not be published.