নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক।নাম জয়বাবু সিংহ ।শিক্ষক গৰাকী ব্যক্তিগত প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গঢ় লৈ উঠিছে এখন বাগিচা।দিনটোৰ অধিকাংশ সময় বাগিচাখনৰ কামতে ব্যস্ত থাকে লংকা হাই স্কুলৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। চৰকাৰ অথবা আন কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায়ৰ অবিহনে গাঁঠিৰ ধন ভাঙি ২০১৭ চনতে বাগিচাখন আৰম্ভ কৰিছিল। এই পৰ্যন্ত সাত লক্ষাধিক ধন খৰচ কৰি বাগিচা খনত বিভিন্ন প্ৰজাতি ফুল গছ ৰোপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে। সমান্তৰালকৈ বাগিচাখনত ডাল ভৰি লাগিছে বিভিন্ন প্ৰজাতিৰ সুস্বাদু ফল।উল্লেখযোগ্য যে পথচোৱা সৌন্দৰ্য্যবৰ্ধন আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাত লৈছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। অৱসৰপ্ৰাপ্ত শিক্ষকজনে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে নগাঁওবাসী মাজত চৰ্চা লাভ কৰিছে।পৰিৱেশ সংৰক্ষণ আৰু কৰ্মৰ মাজতে এইগৰাকী ব্যক্তিয়ে বিচাৰি পাইছে প্ৰাপ্তিৰ আনন্দ।
Trending
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন