এগৰাকী যুৱতীৰ ব্যতিক্ৰমী পদক্ষেপ

0 248

মাজুলীৰ এগৰাকী যুৱতীয়ে আদৰ্শ দেখুৱাইছে।উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে মাজুলীৰ সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত বিলোৱাৰ বাবে প্ৰয়াস কৰিছে। ঘৰতে নৃত্য বিদ্যালয় স্থাপন কৰি এদল কণমানিক প্ৰশিক্ষণ প্ৰদান কৰিছে।
 
 
যুৱতীগৰাকী নাম প্ৰিয়ংকা টাকু। ঘৰ মাজুলীৰ ২নং বৰগঞাত।জানিব দিয়া মতে যুৱতীগৰাকীয়ে ৭২ গৰাকী ছাত্ৰ ছাত্ৰীক নূপুৰ নিতম বিদ্যালয়খনত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলা অধ্যয়ন কৰি প্ৰিয়ংকাই এই নৃত্য বিদ্যালয়খন স্থাপন কৰিছে।যিসময়ত একাংশই চাকৰিৰ বাবে হাবাথুৰি খাইছে,সেই সময়ত এই যুৱতীগৰাকীয়ে গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি সচেতন লোকৰ সমাদৰ বুটলিছে।

Leave A Reply

Your email address will not be published.