গুৱাহাটী সংসদীয় সমষ্টিক পোহৰাই তুলিবলৈ সাংসদ কুইন ওজাৰ উদ্যোগত এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপনৰ তৎপৰতা

0 197

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সংসদীয় সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বিদ্যুৎ যোগান কম থকা বা সঘনাই লোড শ্বেদিং হোৱা অঞ্চল সমূহক পোহৰাই তুলিবলৈ এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে।এই আঁচনি ৰূপায়ণৰ লগত জড়িত কামৰূপ জিলাৰ ডি আই এছ এইছ এ ৰ সদস্য প্ৰশান্ত মহন্তই জানিবলৈ দিয়া মতে সাংসদ কুইন ওজাই তেওঁৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ‘অটল জ্যোতি যোজনা ২০১৯-২০’ আঁচনিৰ অধীনত বিগত আগষ্ট মাহৰ পৰা সৌৰশক্তি চালিত এল.ই.ডি ষ্ট্ৰীটলাইট স্থাপনৰ কাম আৰম্ভ কৰা হৈছে।
 
 
এই লাইট সমূহত উচ্চ প্ৰযুক্তিৰ সমাহাৰ ঘটাৱা হৈছে। ই সন্ধিয়া অন্ধকাৰ হ’লেই স্বয়ংক্ৰিয় ভাবে নিজে নিজে নিজে জ্বলি উঠে। তেনেদৰে পুৱা পোহৰ হ’লেই নিজে নিজে নুমাই যাব।গুৱাহাটী সংসদীয় সমষ্টিৰ অধীনৰ দুধনৈ, বকো, ছয়গাওঁ, পলাশবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিশপুৰ, জালুকবাৰী, হাজো, আৰু বৰক্ষেত্ৰীত প্ৰতিটোতে ১০০ টাকৈ ষ্ট্ৰীটলাইট গুৰুত্বপূৰ্ণ স্থান সমূহত স্থাপন কৰি থকা হৈছে। এইক্ষেত্ৰত ধর্মানুষ্ঠান, শিক্ষানুষ্ঠান, ক্লাব, সামূহিক গৃহকে ধৰি ৰাজহুৱা স্থানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছে। ষ্ট্ৰীটলাইট সমূহ চলিত বৰ্ষৰ ভিতৰতে স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আঁচনিখন ৰূপায়িত হ’লে নিশ্চিত ভাবে গুৱাহাটী সংসদীয় সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ স্থান সমূহ নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকিব বুলি আঁচনিৰ লগত জড়িত প্ৰশান্ত মহন্তই আশা ব্যক্ত কৰিছে।

Leave A Reply

Your email address will not be published.