কাঠ পেঞ্চিলৰ ক’লা অংশত বিশিষ্ট লোকৰ ছবি অংকন কৰিছে আজাৰাৰ এজন যুৱকে

0 239

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিৰ এজন যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাৰদীয় দূৰ্গাপূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপৰে অন্যন্য প্ৰতিভাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে।
 
 
যুৱকজনৰ নাম হৈছে বিশাল চৌধুৰী। চণ্ডীগড় ইউনিভাৰচিটিৰ বি ফাৰ্মাচিৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিশাল চৌধুৰীয়ে কাঠ পেঞ্চিলৰ ক’লা অংশৰে নিৰ্মাণ কৰিছে ভগৱান তথা বিশিষ্ট লোকৰ মূৰ্তি।
 
 
প্ৰায় ১৫-২০ ঘণ্টাৰ দৃঢ় মনোযোগৰে কাঠ পেঞ্চিলৰ ক’লা অংশত শাৰদীয় দূৰ্গা পূজাৰ সময়ত মা দূৰ্গা (মহিষাসুৰ মৰ্দিনীক) নিৰ্মাণ কৰি উলিয়াছে। ইতিপূৰ্বেও বিশাল চৌধুৰীয়ে বন্ধুবৰ্গৰ নাম পেঞ্চিলৰ ক’লা অংশত খোদিত কৰি ভাৰতৰ বিভিন্ন স্থানত পঠাইছিল। ভৱিষ্যতেও পেঞ্চিলত মূৰ্তি নিৰ্মাণ কৰি যাব বুলি বিশালে জানিবলৈ দিছে।
 
 
 
ব্লেড আৰু সৰু সুৰা সা সামগ্ৰী ব্যৱহাৰ কৰি কাঠ পেঞ্চিলৰ ক’লা অংশত বিভিন্নজন লোকৰ নাম খোদিত কৰি বিভিন্নজনক উপহাৰ হিচাপে প্ৰদান কৰিছে। শাৰদীয় দুৰ্গোসৎৱৰ সময়তো দেৱী দূৰ্গাৰ ছবি অংকন কৰি বিশাল চৌধুৰীয়ে বেচ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।বিশাল ভাৰতীয় বিমান বন্দৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ বিষয়া সুশীল লাল চৌধুৰী আৰু ভাৰতী চৌধুৰীৰ পুত্ৰ।

Leave A Reply

Your email address will not be published.