মালয়েছিয়াৰ কুছিনত ২ ৰ পৰা ৭ ডিচেম্বৰত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্চ মীটত ভাৰতীয় মহিলা এথলেটিক দলৰ হৈ অণিমা সোনোৱালে চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হয়।সোমবাৰে সন্ধিয়া ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ কাৰ্য্যালয়ত এইগৰাকী খেলুৱৈক বিপুলভাৱে সম্বৰ্ধনা জনায়।কাৰ্য্যালয়ৰ ড০ ভূপেন হাজৰিকা সভাগৃহত প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা ‘কল্যাণময়ী’ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে অণিমা সোনোৱালক এটা স্মাৰক,ফুলৰ থোপা,গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দেশৰ উপৰি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ পৰিয়ালবৰ্গলৈ গৌৰৱ কঢ়িয়াই অনা বিষয়টোৰ শলাগ লয়।অনুষ্ঠানটোত কল্যাণময়ী’ৰ উপ সভানেত্ৰী পাৰবীন লতা,সম্পাদিকা অঞ্জনা ভৌমিককে ধৰি কেইবাগৰাকী কৰ্মকৰ্তা আৰু অণিমা সোনোৱালৰ স্বামী তথা প্ৰাধিকৰণৰ বিষয়া চন্দেশ্বৰ সোনোৱাল,এয়াৰপ’ৰ্ট অথৰিটী এমপ্লয়ি ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক পবিত্ৰ দাস,গুৱাহাটী শাখাৰ সঞ্চালক সুনীল লাল চৌধুৰী উপস্থিত থাকে।উল্লেখ্য যে অণিমা সোনোৱালে প্ৰতিযোগিতাত হাই জাম্প আৰু পলভল্টত সোণ ৪০০ মিটাৰ ৰিলেত ৰূপ আৰু হাৰ্ডেল ৰাণত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
Trending
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা