১৯৬৭ চনৰপৰা অসমত অভাৱনীয়ভাৱে ভোটাৰৰ সংখ্যা বৃদ্ধি পালে।আৰু এই পৰিস্থিতিৰ উকমুকনিতে অসম আন্দোলনৰ সূচনা হৈছিল।প্ৰাপ্ত তথ্য অনুসৰি ১৯৭৯ চনৰ অক্টোবৰ মাহৰ পৰা অসমত অসম আন্দোলন হৈছিল।দেশ আৰু জাতিৰ স্বাৰ্থত হাজাৰ হাজাৰ অসমীয়া যুৱক ৰাজপথলৈ ওলাই আহিছিল। যাৰ ফলস্বৰুপে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ হৈছিল।আছুৱে সমগ্ৰ বিষয়টো ১৯৮০ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অৱগত কৰিছিল।ইয়াৰ পাছতে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল।অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সকলোৱে ভাবিছিল যে অসমত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব,অসমত অসমীয়াৰ ভাষা সাহিত্য কৃষ্টি ৰক্ষা হ’ব।কিন্তু ১৯ শতিকা পাৰ হৈ যেতিয়া বিংশ শতিকা পালে,লোক পিয়লৰ তথ্যত দৃষ্টিগোচৰ হ’ল যে অসমত অসমীয়া সংখ্যালঘু হোৱাৰ পথ উপক্ৰম হৈছে।যাৰ বাবে আজি চৌদিশে ৰাইজ জাগ্ৰত হৈছে।জাতি মাটিৰ বাবে সকলোৱে একত্ৰিত হৈ শৰাইঘাটৰ শেষ ৰণ যুঁজিবলৈ পণ কৰিছে।৮৫৫ জন শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধা জনাবলৈ আজি কাৰো আহৰি নাথাকিলেও প্ৰত্যেকজন স্বদেশপ্ৰেমীয়ে তেখেতসকলৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰিছে।আৰু পুনৰবাৰ ইজনে সিজনক কৈ উঠিছে ‘জাগা অসমীয়া জাগা’।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন