এজন ছাত্ৰৰ সৃষ্টিশীলতাই মুগ্ধ কৰিছে সকলোকে

0 271

ক’ভিড মহামাৰীয়ে তছনচ কৰিছে সাধাৰণ মানুহৰ জীৱন যাত্ৰা। ঠিক এই সময়তে ক’ভিডৰ বাবে ঘৰত আবদ্ধ হৈ থকা এজন কণমানি ছাত্ৰৰ সৃষ্টিশীল কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।জামুগুৰিহাটৰ বাকোলা গাঁৱৰ মনজিৎ আহমেদ নামৰ পঞ্চম শ্ৰেণীৰ ছাত্র জনে পেলনীয়া ডাঠ কাগজে অসংখ্য বস্তুক প্ৰাণ দিছে । ডাঠ কাগজ, আঠা, কেচিকে মূল সম্পদ হিচাপে লৈ মনজিতে সৃষ্টি কৰিছে এটাৰ পিছত এটা বস্তু । ট্ৰেক্টৰ, জেছিবি, শৰাই, ভাৰতীয় সেনা বাহিনীৰ যুদ্ধৰ বাহন, ৰৱট, জিপ গাড়ীকে আদি কৰি বহু সামগ্ৰী প্ৰস্তুত কৰিছে । উল্লেখযোগ্য যে লকডাউনৰ বাবে বিদ্যালয় সমূহ বন্ধ হৈ আছে। এই সময়ৰখিনি সৎব্যৱহাৰ কৰি মনজিতে ডাঠকাগজৰে এনেবোৰ বস্তু তৈয়াৰ কৰিবলৈ সক্ষম হৈছে । মনজিতৰ এই সৃষ্টিশীলতাক স্থানীয় জনসাধাৰণে প্ৰশংসা কৰিছে আৰু লগতে কয় যে এই কণমাণি শিশুটোৱে উপযুক্ত প্ৰশিক্ষণ বা সুবিধা পালে অদূৰ ভৱিষ্যতে মনজিত অসমৰ সম্পদ হৈ পৰিব।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.