এন আৰ এলে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰিলে

0 219

ওমেন ইন পাব্লিক চেক্টৰ এন আৰ এল অধ্যায়ে যোৱা ৮ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰে।এই উপলক্ষে বিপছ এন আৰ এল অধ্যায়ৰ সদস্য সকলে সেই দিনা পুৱা এন আৰ এলৰ টাউনশ্বিপ গেটত একত্ৰিত হয় আৰু এন আৰ এলৰ টাউনশ্বিপ আগমন কৰা সকলো মহিলা ঠিকাভিত্তিক শ্ৰমিকক স্বাস্থ্য সুৰক্ষা সামগ্ৰী,যেনে চাবুন ,ডেটল,ছেনিটাইজাৰ ,মাস্ক আৰু ছেনিটাৰি নেপকিন আদি প্ৰদান কৰে। ইয়াৰ পিছত এন আৰ এল আৰু ইয়াৰ সহযোগী সংগঠন যেনে ভি কে আৰ এল হস্পিতাল ভি কে এন আৰ এল স্কুল অৱ নাছিং,দিল্লী পাব্লিক স্কুল,নুমলীগড়,অসম বায়ু ৰিফাইনেৰী প্ৰা:লি: আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বলৰ মহিলা কৰ্মী সকলৰ বাবে সুস্বাস্থ্যৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰা হয়।এই কাৰ্যসূচীৰ জৰিয়তে মহিলা সকলৰ সুস্বাস্থ্যৰ লগতে সামগ্ৰিক ভাৱে কল্যাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। সেইদিনা বিয়লি বেলা আনুষ্ঠানিক ভাৱে মহিলা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত আই এ এছ বিষয়া ৰোশনী অপৰানজী কোৰতী,যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰীতা শৰ্মা আৰু বোকাখাটৰ নিৰ্বাচনী বিষয়া এ চি এছ নিতিশা বৰাই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে।এই অনুষ্ঠানত এন আৰ এলৰ পৰিচালনা সঞ্চালক এছ কে বৰুৱা ,সঞ্চালক বি জে ফুকন,সঞ্চালক আই মিত্ৰ ৰি এন আৰ এলৰ অন্য জ্যেষ্ঠ বিষয়সকল উপস্থিত থাকে।
উপায়ুক্ত কোৰতীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ঘৰুৱা হিংসা আৰু সমাজত মহিলাৰ সৈতে জড়িত বিভিন্ন ব্যৱধানত বিষয়ে বহলাই ব্যাখ্যা কৰে।তেওঁ পুৰুষ আৰু মহিলাক লৈ সমাজত গঢ়ি উঠা মানসিকতাৰ ওপৰতো আলোকপাত কৰে।আনহাতে ৰীতা শৰ্মাই অনুষ্ঠানত নিজৰ বক্তব্য দাঙি ধৰি উচ্চ শিক্ষা গ্ৰহণৰ সময়ত তেওঁ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে।তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল বিভাগত উত্তীৰ্ন প্ৰথম গৰাকী মহিলা শিক্ষাৰ্থী।একেদৰে নিতিশা বৰাই কেনেদৰে তেওঁৰ মাতৃৰ সমৰ্থনত নিজৰ কেৰিয়াৰ গঢ়ে,সেই বিষয়ে অৱগত কৰায়।উল্লেখযোগ্য যে এই অনুষ্ঠানতে এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।
আনহাতে ওমেন ইন পাব্লিক চেক্টৰ এন আৰ এল গুৱাহাটী মহানগৰী শিজুবাৰীস্থিত মাদাৰ অ’ল্ড এজ হোমত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰে।এই অনুষ্ঠানত এন আৰ এলৰ গুৱাহাটীস্থিত কৰ্পোৰেট কাৰ্যালয়,মাৰ্কেটিং কাৰ্যালয় আৰু প্ৰকল্প কাৰ্যালয় সকলো মহিলা কৰ্মচাৰী, অৱসৰী মহিলা কৰ্মচাৰী, ঠিকাভিত্তিত মহিলা কৰ্মচাৰী আৰু প্ৰশিক্ষু মহিলা সকলে অংশগ্ৰহণ কৰে আৰু আবাসীসকলৰ লগত মতবিনিময় কৰি সকলো যথেষ্ট আপ্লুত হয়।কাৰ্যসূচীত অল্ড এজ হোমৰ জ্যেষ্ঠ আবাসী সকলেও অস্তিয়তাৰে অংশগ্ৰহণ কৰে।এই কাৰ্যসূচীত এক গীত নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হয়।ইয়াৰ লগতে আবাসী সকলৰ মাজত বিভিন্ন উপহাৰ বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.