এন আৰ এলৰ ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ২৫ কোটি টকাৰ বাজেট ধাৰ্য্য

0 200

দেশ তথা ৰাজ্যত ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিত সৃষ্টি হোৱা ভয়ংকৰ‌ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এন আৰ এলে ২৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে।কোম্পানীটোৱে ক’ভিড সৃষ্ট পৰিবেশৰ সৈতে যুঁজ দিবলৈ আৰু বিভিন্ন সুবিধা আৰু ব্যৱস্থা কৰাৰ বাবে এই ধন খৰচ কৰিব।
ইয়াৰ ভিতৰত এন আৰ এলে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এখন মেকশ্চিষ্ট ক’ভিড হাস্পতাল বনাবলৈ সাত কোটি টকা নিৰ্ধাৰণ কৰিছে। এই হাস্পতালখন এমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ১২০ খন বিচনাযুক্ত এই হাম্পতালখনত ২০খন আই চি ইউ বিচনা থাকিব,যিকেইখনত ভেন্টিলেটৰ, কাৰ্ডিয়াক মণিটৰ, অক্সিজেন ক’নছেণ্টেটৰ আৰু অক্সিজেন ছিলিণ্ডাৰেৰে সমৃদ্ধ হ’ব। আনহাতে, তিতাবৰ ছিভিল হাস্পতালত ১০০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰত স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ অন্য কেইখনমান ক’ভিড কেয়াৰ চেন্টাৰ সৰুপথাৰ, বোকাখাট আৰু গোলাঘাটত স্থাপন কৰা হ’ব।নুমলীগড়স্থিত ভি কে এন আৰ এল স্কুল অৱ নাৰ্ছিঙক মে’ মাহ, ২০২১ ৰ মাজভাগত ৭০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰলৈ পৰিবৰ্তিত কৰা হ’ব।‌ এই হাস্পতালত ভি কে এন আৰ এলৰ সকলো ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেলল কৰ্মচাৰীয়ে ২৪ ঘণ্টাই সেৱা
আগবঢ়াব।
উল্লেখ্য, এন আৰ এলে এন ৯৫ মাস্ক, পালচ অক্সিমিটাৰ, হেণ্ড ছেনিটাইজাৰ, এয়াৰ কণ্ডিছনাৰ, নেবুলাইজাৰ, বিপি জোখা যন্ত্ৰ সম্বন্ধিতে বিভিন্ন চিকিৎসা সঁজুলি আৰু ব্যৱস্থাৱলী গোলাঘাট অসামৰিক চিকিৎসালয়ক প্রদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আনহাতে, কোম্পানীটোৱে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ক ২৫০ অক্সিজেন ছিলিণ্ডাৰ (১০লিটাৰ/ ৪৭ লিটাৰ) প্রদান কৰাৰ পৰিকল্পনা কৰিছে। এই ছিলিণ্ডাৰখিনি জুন, ২০২১ ৰ তৃতীয় সপ্তাহত হস্তান্তৰিত হব। ইয়াৰ লগতে, বিভিন্ন চিকিৎসালয়ত অক্সিজেন ক’নছেনট্ৰেটৰ যোগান ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ আগতে এন আৰ এলে ভেকচিন ৰাখিবলৈ অসম চৰকাৰৰ স্বাস বিভাগক ৩৫ ডীপ ফ্ৰিজাৰ প্রদান কৰিছিল।
পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পদক্ষেপৰ অংশ ৰূপে এন আৰ এলে বিহাৰৰ চাৰিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অক্সিজেনৰ প্রয়োজন পুৰণ কৰাৰ উদ্দেশ্যেৰে প্ৰতি মিনিটত ৫০০/১০০০ লিটাৰ উৎপাদন ক্ষমতাৰ অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। এই প্ৰকল্পটোত অক্সিজেন উৎপাদন কাৰ্য এই বছৰৰ জুলাই মাহৰ পৰা আৰম্ভ হব। এন আৰ এলে ক’ভিড-১৯ ৰ প্ৰতিষেধক প্রদানৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি কোম্পানীটোৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহ, ঠিকাদাৰসমূহ, হিতাধিকাৰীসমূহ আৰু সমীপবৰ্তী অঞ্চলৰ লোকসকলক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এন আৰ এলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে নুমলীগড় আৰু -শিলিগুড়িত ক’ভিড কেয়াৰ চেণ্টাৰ, আইছ’লেশ্বন আৰু কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে বনাই দিয়া হৈছে।লগতে এন আৰ এল টাউনশ্বিপ স্থিত ভি কে এন আৰ এল হাস্পতালত প্রতি মিনিটত ৫০০ লিটাৰ উৎপাদন ক্ষমতাৰ এটা অক্সিজেন প্রকল্প স্থাপন কৰাৰ ব্যৱস্থা কৰিছে । ই এই বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ উপৰিও নুমলীগড়, গোলাঘাট, বোকাখাত আৰু ডেৰগাঁও আদি স্থানত ছাৰ্জিকেল মাস্কৰ বিতৰণ বঢ়াই দিয়া হৈছে । এতিয়ালৈ এই স্থানবোৰত দুই লাখতকৈ অধিক মাস্ক বিতৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.