এন আৰ এলৰ সঞ্চালক(বিত্ত) হিচাপে সঞ্জয় চৌধুৰীৰ দায়িত্ব গ্ৰহণ

0 177

শ্ৰী সঞ্জয় চৌধুৰীয়ে ২০২৩ চনৰ ১ মাৰ্চত নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) ত সঞ্চালক (বিত্ত) হিচাপে যোগদান কৰে।এন আৰ এল ব’ৰ্ডত যোগদান কৰাৰ পূৰ্বে তেওঁ অইল ইণ্ডিয়া লিমিটেড (অ’ আই এল)ৰ সৈতে কাৰ্য্যবাহী সঞ্চালক (বিত্ত আৰু একাউণ্ট) হিচাপে কাম কৰিছিল আৰু কাৰ্য্যবাহী সঞ্চালক (কৰ্পোৰেট পৰিক্ৰমা)ৰ অতিৰিক্ত দায়িত্বত আছিল। তেল আৰু গেছ উদ্যোগত ৩০ বছৰতকৈ অধিক সময়ৰ অভিজ্ঞতা থকা এজন বিত্তীয় পেছাদাৰী শ্ৰী চৌধুৰীয়ে ভাৰত আৰু বহিঃৰাজ্যত আপষ্ট্ৰিম অপাৰেচন, পাইপলাইন ব্যৱসায় আৰু সেউজ ক্ষেত্ৰ অন্বেষণ প্রকল্পৰ বিত্তীয় কাৰ্য্যৰ নেতৃত্ব দিছিল। তেওঁৰ কৰ্পোৰেট ফাইনেন্স, বাজেট, টেক্সেচন,‌ মেনেজমেণ্ট একাউণ্ট, আৰু ফাইনেন্সিয়েল ৰিপৰ্টিঙৰ হেডিংৰ অভিজ্ঞতাও আছে।

তেওঁ তেল আৰু গেছ উৎপাদন কাৰ্য্যকলাপৰ হিচাপ-নিকাচৰ ওপৰত উদ্যোগটোৰ বাবে গাইডেন্সি নোট প্রস্তুত কৰাৰ বাবে পৰামৰ্শমূলক প্রক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। অইলত ইণ্ড এ এছ ৰূপায়ণৰ নেতৃত্ব দিছিল আৰু কোম্পানীটোত অনলাইন আভ্যন্তৰীণ বিত্তীয় নিয়ন্ত্ৰণ (আই এফ চি) ব্যৱস্থা আৰম্ভ কৰিছিল, যিটো উদ্যোগটোৰ ভিতৰতে অন্যতম আছিল। ই এণ্ড পি খণ্ডত জি এছ টি ৰূপায়ণৰ সময়তো তেওঁ পৰামৰ্শমূলক প্রক্ৰিয়াৰ সৈতে জড়িত আছিল।

চিএনজি আৰু চহৰৰ গেছ বিতৰণ ব্যৱসায়ৰ বাবে অইল আৰু এইচপিচিএলৰ যৌথ উদ্যোগ এইচপিঅ’আইএল গেছ প্রাইভেট লিমিটেডৰ অধ্যক্ষ আৰু সঞ্চালক আছিল। তেওঁ অইলৰ বহিঃৰাজ্যৰ সহযোগী কোম্পানীসমূহত অইল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল প্রাইভেট লিমিটেড, ছিংগাপুৰ, অইল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বি.ভি., নেদাৰলেণ্ড আৰু অইল ইণ্ডিয়া (আমেৰিকা) ইনকৰ্পৰেশ্যনত সঞ্চালক হিচাপেও কৌশলগত নেতৃত্বৰ ভূমিকা পালন কৰিছিল। উল্লেখযোগ্য যে সঞ্জয় চৌধুৰী, ভাৰতীয় কষ্ট একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ সহযোগী সদস্য আৰু ইয়াৰ দুলীয়াজান অধ্যায়ৰ প্রতিষ্ঠাপক অধ্যক্ষ।

Leave A Reply

Your email address will not be published.