ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) উত্তৰ পূব মণ্ডলৰ নবনিযুক্ত অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই দায়িত্বভাৰ গ্ৰহণৰ মাত্ৰ ৪৮ ঘণ্টাৰ পাছতেই শ্বিলঙৰ মুখ্য কাৰ্যালয়ৰ পৰা আহি আজি গুৱাহাটী গ্রুপ কমাণ্ডাৰৰ কাৰ্যালয় পৰিদৰ্শন কৰে । গুৱাহাটী গ্রুপ কাৰ্যালয়ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক আদৰণি জনাই গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে । তাৰ পাছতেই জেনেৰেল কলিতাই এন চি চি কেডেট সকলৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে । ইয়াৰ উপৰি কাৰ্যালয় চৌহদৰ সভাগৃহত গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত এখন পৰ্যবেক্ষণ বৈঠকত ভাগ লয় জেনেৰেল ভাস্কৰ কলিতাই । বৈঠকত গুৱাহাটী গ্রুপৰ অধীনৰ ১ আসাম এন চি চি বেটেলিয়ান , ৩০ আসাম ইঞ্জিনীয়াৰিং এন চি চি কোম্পানী , ৪৮ আসাম নেভেল এন চি চি ইউনিট , ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিট আৰু ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ সকল উপস্থিত থাকে । আনহাতে বৈঠকত জেনেৰেল কলিতাই গুৱাহাটী গ্রুপৰ অধীনত থকা শিক্ষানুষ্ঠান সমূহৰ এন চি চিৰ শেহতীয়া স্থিতিৰ বুজ লয় । তেনেদৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষত স্বাধীনতা দিৱসত জনোৱা আহ্বান অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা শিক্ষানুষ্ঠান সমূহত এন চি চি কেডেটৰ ভৰ্ত্তি অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ আহ্বান জনায় । বিশেষকৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানত যি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ লগত ৰজিতা খুৱাই সংলিষ্ট শিক্ষানুষ্ঠানৰ এছোচিয়েট এন চি চি অফিচাৰ সকলৰ সৈতে তাল মিল কৰি এন চি চিক কিদৰে পুনৰ সক্ৰিয় কৰিব পাৰি সেই সম্পৰ্কেও বৈঠকত পৰ্যালোচনা কৰা হয় ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা