ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) উত্তৰ পূব মণ্ডলৰ নবনিযুক্ত অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই দায়িত্বভাৰ গ্ৰহণৰ মাত্ৰ ৪৮ ঘণ্টাৰ পাছতেই শ্বিলঙৰ মুখ্য কাৰ্যালয়ৰ পৰা আহি আজি গুৱাহাটী গ্রুপ কমাণ্ডাৰৰ কাৰ্যালয় পৰিদৰ্শন কৰে । গুৱাহাটী গ্রুপ কাৰ্যালয়ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক আদৰণি জনাই গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে । তাৰ পাছতেই জেনেৰেল কলিতাই এন চি চি কেডেট সকলৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে । ইয়াৰ উপৰি কাৰ্যালয় চৌহদৰ সভাগৃহত গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত এখন পৰ্যবেক্ষণ বৈঠকত ভাগ লয় জেনেৰেল ভাস্কৰ কলিতাই । বৈঠকত গুৱাহাটী গ্রুপৰ অধীনৰ ১ আসাম এন চি চি বেটেলিয়ান , ৩০ আসাম ইঞ্জিনীয়াৰিং এন চি চি কোম্পানী , ৪৮ আসাম নেভেল এন চি চি ইউনিট , ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিট আৰু ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ সকল উপস্থিত থাকে । আনহাতে বৈঠকত জেনেৰেল কলিতাই গুৱাহাটী গ্রুপৰ অধীনত থকা শিক্ষানুষ্ঠান সমূহৰ এন চি চিৰ শেহতীয়া স্থিতিৰ বুজ লয় । তেনেদৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষত স্বাধীনতা দিৱসত জনোৱা আহ্বান অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা শিক্ষানুষ্ঠান সমূহত এন চি চি কেডেটৰ ভৰ্ত্তি অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ আহ্বান জনায় । বিশেষকৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানত যি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ লগত ৰজিতা খুৱাই সংলিষ্ট শিক্ষানুষ্ঠানৰ এছোচিয়েট এন চি চি অফিচাৰ সকলৰ সৈতে তাল মিল কৰি এন চি চিক কিদৰে পুনৰ সক্ৰিয় কৰিব পাৰি সেই সম্পৰ্কেও বৈঠকত পৰ্যালোচনা কৰা হয় ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan