ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত বুধবাৰৰ পৰা মিৰ্জাৰ ডায়েট চৌহদত ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া আন্তঃ মণ্ডল এক মিনিট ড্ৰীল, দক্ষতা প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত দেশৰ চাৰিটা মণ্ডলৰ মুঠ ৮৮ জন প্ৰতিযোগীয়ে ভাগ লৈছিল। আনহাতে প্ৰতিযোগিতাত প্ৰথম.এন.ডি আৰ.এফ বাহিনীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা সমূহ বিতৰণ কৰে প্ৰথম এন ডি আৰএফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে। প্ৰতিযোগিতাখনত মূলত প্ৰাকৃতিক বা মানৱসৃষ্ট যিকোনো দুৰ্যোগ সংঘটিত হলে সকলো বাধা নেওচিও এক মিনিটৰ ভিতৰত পেশাদাৰী দক্ষতাৰে কেনেদৰে আবদ্ধ, আক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাক প্ৰদৰ্শন কৰা হৈছিল।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা