কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ব্যতিক্ৰমী পদক্ষেপ

0 601

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই শৈক্ষিক বিপ্লৱৰ লক্ষ্যৰে ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰিছে।অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ সম্পৰ্কলৈ অনাৰ উদ্দেশ্যে ২জানুৱাৰীৰ পৰা অসম ভ্ৰমণ সিদ্ধান্ত গ্ৰহণ কৰিছে।নাৰী শিক্ষাৰ প্ৰচাৰ কৰা, কুসংস্কাৰ আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ সপক্ষে সজাগতা সৃষ্টি কৰা ইত্যাদি ইত্যাদি দিশ সামৰি তেওঁলোকে ভ্ৰমণ কৰিব ।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত দহজনীয়া এটা দল ভ্ৰমণৰ বাবে সাজু হৈছে বুলি এক বিবৃতিৰ যোগে জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.