মাতৃ দিৱস উদযাপন

0 382

শিৱসাগৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত আজি  মাতৃ দিৱস উদযাপন কৰে । মাতৃ দিৱসত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাৰ সভাপতিত্ব আৰু উদ্দেশ্য বাখ্যা আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ অমৰ বিনায়ক পাটিলে । ইয়াৰ  পাছত মংগলাচৰণে অনুষ্ঠান আৰম্ভণি কৰে শিক্ষক শিক্ষয়িত্ৰী বৃন্দই আৰু মংগলাচৰণ পৰিচালনা আৰু অনুষ্ঠান আত ধৰে অংকিতা শীলে । মাতৃ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদিকা অঞ্জলি দত্তই । তাৎপৰ্য বাখ্যাত কয় যে আজি দিনটোত স্বামী ৰামকৃষ্ঞ পৰমৎসদেৱৰ পত্নী মা সাৰদা দেৱীৰ নামত মাতৃ দিৱস বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে । যেতিয়া পত্নী মা সাৰদা দেৱীৰ কোনো সন্তান নাছিল তেতিয়া মা সাৰদা দেৱীয়ে তেখেতৰ স্বামী ৰামকৃষ্ঞ পৰমৎসদেৱক কয় যে আমাৰ কোনো সন্তান নাই তেতিয়া ৰামকৃষ্ঞ পৰমৎসদেৱে পত্নীক কয় যে পৃথিৱীৰ সকলো সন্তানেই তোমাৰ সন্তান এতিয়াৰ পৰা সকলোকে তুমি মাতৃত্ব চেনেহেৰে মৰম দি উপচাই মাতৃ জ্ঞান কৰিবা আৰু তেতিয়াৰ পৰাই এই মাতৃ দিৱস কেন্দ্ৰত পালন কৰি আহিছে ।এই মাতৃ দিৱস এইকাৰণে পালন কৰা হয় আজিৰ যুগত নৱপ্ৰজন্মই মাকৰ প্ৰতি যাতে মৰম ভাৱ ৰাখে  আৰু বুঢ়া বয়সত মাক দেউতাকক যাতে এলাগী নকৰে । যি মাকে ৯ মাহ ৯ দিন সন্তানক গৰ্ভত ৰাখি বহু দুখ কষ্টৰ মাজেদি এই পোহৰৰ পৃথিৱীত নিজৰ সন্তানটোক জন্ম দিয়ে আৰু ডাঙৰ দীঘল কৰি এই নতুন পৃথিৱীত পোহৰৰ বাট দেখুৱায় । এই বিষয়বোৰৰ প্ৰতি সন্তান তথা ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ এই দিৱসৰ প্ৰতি তাৎপৰ্য বহন কৰে । আজি মাক দেউতাকক বহুতে অৱহেলা কৰে আৰু অৱহেলাৰ বাবেই বৃদ্ধা আশ্ৰমত নতুবা ৰাষ্টাত এৰি থৈ যায় । এই বৃদ্ধা আশ্ৰম সৃষ্টি হোৱাৰ মূল কাৰণ এই বিলাকেই । আৰু এই নতুন প্ৰজন্মক মাক আৰু দেউতাকৰ প্ৰতি যাতে অৱহেলা নকৰে তাৰবাবেই এই মাতৃ দিৱস পাতিব লাগে । অকল বিবেকানন্দ কেন্দ্ৰই যে এই দিৱস পাতিব লাগে এনে নহয় ,সকলোৱেই নিজৰ মাতৃ দিৱস পালন কৰিব লাগে । ইয়াৰ  পিছত গুৰু ভজন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে পৰিবেশন কৰে। কবিতা পাঠ কৰে শীৰক জ্যোতি দেউৰীয়ে । ছাত্র ছাত্ৰী সকলে নিজৰ নিজৰ মাতৃ আইক পদ যুগল ধুৱাই পূজা অৰ্চনা কৰে । খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।

Leave A Reply

Your email address will not be published.