আৰম্ভ হ’ল গুৱাহাটী গ্ৰন্থমেলা

0 275

মানৱীয় প্ৰমূল্যৰ উত্তৰণ আৰু শুভবুদ্ধি উদয় হোৱাত গ্ৰন্থৰ অৰিহণা অসীম।সমাজ কল্যাণৰ মানুহৰ চিন্তাৰ উৎকৰ্ষ সাধনৰ বাবে সাহিত্যক উৎসৰ্গা কৰিব লাগিব আৰু লেখকসকলে সেই সাধনাৰে সাহিত্য সৃষ্টিত ব্ৰতী হ’ব লাগিব ।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি অসম প্ৰকাশন পৰিষদৰ ৩২তম গুৱাহাটী গ্ৰন্থমেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কয় আজি ডিজিটেল মাধ্যমৰ যুগত ছপা মাধ্যমক আগুৱাই নিবলৈ হ’লে আধুনিক ধ্যান ধাৰণাৰে গ্ৰন্থ সৃষ্টি কৰিব লাগিব ।অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি পশ্চিমবংগৰ সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়ে কয় মই ভাৰতীয় সকলো প্ৰাদেশিক ভাষাকে মাতৃভাষা জ্ঞান কৰো।মই অসমলৈ বহুবাৰ আহিছো আৰু এনেদৰে এই অনুষ্ঠান সমূহত ভাগলৈ আনন্দিত হও ।অনুষ্ঠানত সাহিত্যৰ জীৱনজোৰা সাহিত্য বঁটা ডক্টৰ নগেন শইকীয়াক প্ৰদান কৰে।১২দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলাত দেশৰ লগতে বৰ্হি ৰাষ্ট্ৰৰ আগশাৰীৰ ১০খন বিপনীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.